Thursday , August 13 2020
শেহতীয়া খবৰ

কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ ৰাজ্যজোৰা প্ৰতিবাদ

উত্তাল ৰাজ্য গীত-মাত, ৰং-তুলিকা, মানৱ শৃংখলৰে প্ৰতিবাদ

গুৱাহাটী, ৩০ জুলাইঃ নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ বাতিল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত আজিও উত্তাল হৈ আছে ৰাজ্য। গীত-মাত, ৰং-তুলিকা, বন্তি প্ৰজ্বলন আৰু মানৱ শৃংখলেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজিও ব্যাপক প্ৰতিবাদ গঢ়ি তোলে। “কা’ আমি নেমানো’, “কা’ বাতিল কৰিবই লাগিব’, ‘অখিল গগৈক মুক্তি দিয়ক’, ‘অখিল গগৈক মুক্তি দিব লাগিবই’, “নিয়া’ আমাক নালাগে, ন্যায় লাগে’ আদি শ্ল’গানেৰে উত্তাল হৈ থাকে ৰাজ্য। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি ৰূপায়ণ কৰা আজিৰ এই কাৰ্যসূচীটো পূৰ্বৰ দৰে নতুন প্ৰজন্মৰ যুৱক-যুৱতী, শিল্পী সমাজ, বুদ্ধিজীৱী, সাংবাদিক সমাজ, ছাত্ৰ সমাজ, অধিবক্তা সমাজ আদিয়ে ব্যাপক অংশগ্ৰহণ কৰে। ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত সৰ্বস্তৰৰ ৰাইজ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হয়। লক্ষণীয়ভাৱে কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে ক’ভিড-১৯ৰ সকলো স্বাস্থ্যবিধি আৰু সামাজিক দূৰত্ব মানি শৃংখলিত আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে।

দুৰ্ভাগ্যৰ বিষয় এই যে গণতান্ত্ৰিক প্ৰতিবাদৰ ওপৰতো ৰাজ্যখনৰ কেইবা ঠাইতো অসম আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰে। অসম আৰক্ষীৰ এই ফেচিষ্ট আচৰণৰ বাবেই ৰাজ্যখনৰ কেইবা ঠাইতো আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ হয়। শিৱসাগৰ জিলাৰ শিমলুগুৰিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এনে খণ্ডযুদ্ধ হয়, পৰিণতিত আৰক্ষীয়ে ৭গৰাকী প্ৰতিবাদকাৰীক শিমলুগুৰি থানাত আটক কৰি ৰাখে। অৱশ্যে বিয়লি ৫ বজাত তেওঁলোকক মুকলি কৰি দিয়ে। ডিব্ৰুগড় জিলাৰ চৌকিডিঙিত সংগঠনটোৱে বৃহৎ মানৱ শৃংখল গঢ়ি তুলি ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবী তোলে। এই বৃহৎ মানৱ শৃংখলৰ লগত সংগতি ৰাখি গীত-মাতেৰে প্ৰতিবাদ সাব্যস্ত কৰে। চৰাইদেউ জিলাৰ মৰাণতো গীতে-মাতে বৃহৎ মানৱ শৃংখল গঢ়ি তুলি সংগঠনটোৱে অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবী উত্থাপন কৰে।

এই কাৰ্যসূচীত সোণোৱাল কছাৰী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ আৰু আহোম জাতীয় গণমঞ্চৰ প্ৰতিনিধি আৰু সদস্যসকলে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ আমগুৰি, চামগুৰি অঞ্চলতো বৃহৎ প্ৰতিবাদী মানৱ শৃংখল গঢ়ি তোলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। যোৰহাট জিলাতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে। যোৰহাটৰ হোলোঙাপাৰাৰ ঐতিহাসিক বীৰ লাচিত বৰফুকনৰ মৈদামত অখিল গগৈৰ মুক্তিৰ দাবীৰ লগতে সুস্বাস্থ্য কামনা কৰি বন্তি প্ৰজ্বলন কৰে। বিশেষকৈ টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, অসমপ্ৰেমী ছাত্ৰ সমাজ, স্থানীয় নাগৰিক সমাজৰ উদ্যোগত এই কাৰ্যসূচীয়ে ব্যাপকতা লাভ কৰে। গোলাঘাট জিলাৰ জিলা সদৰত বৃহৎ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজি জিলাৰ কেইবাটাও অঞ্চলত মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জিলাখনৰ জোনাই, চিমেন চাপৰি, চিমেন চমকং, চিলাপথাৰ, বৰদলনি, গোগামুখ আদি অঞ্চলত ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ হয়। লখিমপুৰ জিলাৰ ঘিলামৰা, লালুক আৰু ঢলপুৰ আদিতো প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁৱৰ কাকীত মানৱ শৃংখল গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলাখনৰ ডবকাত বানপানীৰ বাবে নাৱৰ ওপৰতে মানৱ শৃংখল গঢ়ি তুলি অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে। বাক্সা জিলাৰ গোৰেশ্বৰতো এছ এফ আই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে মানৱ শৃংখলেৰে প্ৰতিবাদ গঢ়ি তোলে। ধুবুৰী জিলাতো সংগঠনটোৱে মানৱ শৃংখলেৰে প্ৰতিবাদ গঢ়ি তোলে। গোৱালপাৰা জিলাৰ মাৰতুলাতো অনুৰূপ ধৰণে মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। দৰং জিলাৰ মঙলদৈ নগৰৰ বেছিমাৰীতো মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে। অনুৰূপ ধৰণে সংগঠনটোৱে বৰপেটা, শোণিতপুৰ, তিনিচুকীয়া, হাইলাকান্দি, কাছাৰ আদি জিলাতো ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *