শেহতীয়া খবৰ

কাইলৈৰ পৰা এম আৰ পিতকৈ ২৫ শতাংশ অধিক দৰত ক্ৰয় কৰিব লাগিব সুৰা

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ লকডাউনৰ বাবে সন্মুখীন হোৱা আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ এতিয়া চৰকাৰে সুৰাপায়ীসকলৰ ওপৰত নিৰ্ভৰ কৰিছে। এতিয়াৰে পৰা দেশীয়ভাৱে প্ৰস্তুত কৰা বিলাতী সুৰা, বিয়েৰ, ৱাইন আদিৰ সৰ্বাধিক খুচুৰা মূল্যৰ এম আৰ পিতকৈ ২৫ শতাংশ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনস্বাস্থ্যৰ বাবে নহয়, ৰাজহৰ স্বাৰ্থত বৃদ্ধি কৰা হ’ল সুৰাৰ দাম। যাতে সুৰা বিপণীসমূহে পুৰণা দামত সুৰা বিক্ৰী কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আবকাৰী বিভাগে সকলো সুৰা বিপণী বন্ধৰ নিৰ্দেশ দিছে।

একেদৰে ৱেৰহাউছসমূহো বন্ধৰ নিৰ্দেশ দিছে। সুৰা মজুত থকাৰ হিচাপ সংগ্ৰহৰ বাবে আবকাৰী বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিমান সুৰা মজুত আছে সেয়া নিশ্চিত কৰাৰ বাবে আৰু নতুন নিৰিখৰ ষ্টিকাৰ লগোৱাৰ বাবে আজি সকলো সুৰা বিপণী বন্ধ ৰখা হ’ল। অৰ্থাৎ কাইলৈ খোলা থাকিব সুৰা বিপণীসমূহ। কিন্তু কাইলৈৰ পৰা সুৰাপায়ীসকলে এম আৰ পিতকৈ ২৫ শতাংশ অধিক দৰত সুৰা ক্ৰয় কৰিব লাগিব। এই সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সাংবাদিকৰ আগত কয় যে যাতে পুৰণা দামত সুৰা বিক্ৰী কৰিব নোৱাৰে সেইবাবে নতুন ষ্টিকাৰ লগাই বজাৰত মুকলি কৰি দিয়াৰ বাবে বন্ধ ৰখা হৈছে।

ক’ত কিমান সুৰা মজুত আছে তাৰ তথ্য বিচৰা হৈছে। যি কি নহওক কাইলৈৰ পৰা সুৰাপায়ীসকলে নতুন নিৰিখত ক্ৰয় কৰিব লাগিব সুৰা। কালি সুৰাৰ দাম ২৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে। সুৰাৰ মূল্য বৃদ্ধিৰ বাবে ৰাজ্যখনে বছৰি এশ কোটি টকাৰ ৰাজহ লাভ কৰিব বুলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *