Thursday , August 13 2020
শেহতীয়া খবৰ

কাকডোঙাত উত্তপ্ত পৰিস্থিতি, ক্ষোভিত ৰাইজে ঘেৰাও কৰিলে পঞ্চায়ত কাৰ্যলয়।

গণ বাৰ্ত, দেৰগাঁও ২৯ জুলাই : গোলাঘাট জিলা দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ-পশ্চিম কাকডোঙা গাঁও পঞ্চায়তৰ অধীনৰ ৬ নং বাৰ্ডৰ মেধি চুবুৰী পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছে। ফলত পথছাৰী লগতে ছাত্র-ছাত্ৰী সকলে স্কুল-কলেজলৈ যোৱাৰ ক্ষেত্ৰত যমৰ-যাতানা ভোগ কৰি আহিছে । স্থানীয় ৰাইজে বহুবাৰ পথটো নিৰ্মাণ বাবে আবেদন-নিবেদন জৰিয়তে পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিক বিষয়টো অৱগত কৰাত এনেৰেগা আচনিৰ জৰিয়তে পথটো পকীকৰণৰ বাবে উত্তৰ-পশ্চিম কাকডোঙা গাঁও পঞ্চায়ত আৱন্টন দিছিল ১০ লক্ষাধিক টকা, কিন্তু সেই সময়ত   এক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলিহৈ পঞ্চায়ত খনে নিৰ্মাণ কৰিব নোৱাৰিলে পথটো,ফলত মেধি চুবুৰী ৰাইজে যমৰ যাতানা ভোগি আহিব লগা হৈছে। ইফালে ডুবিয়াল পাৰলিগুৰি সংযোগী পথটোৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ জৰিয়তে দুশ মিটাৰ পথ নিৰ্মাণ কৰিবলৈ পঞ্চায়তৰ লগতে বিভাগীয় কতৃপক্ষই আৱন্টন দিছিল দহ লক্ষাধিক টকা। কিন্তু একাংশ ৰাইজে ডুবিয়াল পাৰলিগুৰি  পথটোৰ বিপৰীতে বিচাৰিছে মেধি চুবুৰী স‌ংযোগী পথ নিৰ্মাণ কৰিবলৈ। উপায়ন্তৰ হৈ পৰিছে পঞ্চায়ত সভানেত্ৰী জোনটি হাজৰিকাৰ লগতে সচিব পংকজ মহন্ত বিভাগীয় কতৃপক্ষই আৱণ্টন নিদিয়া পথ নিৰ্মাণ কৰিব নোৱাৰে পঞ্চায়ত প্ৰতিনিধিয়ে কিন্তু একা‌ংশ ৰাইজে নামানে চৰকাৰী নীতি নিৰ্দেশনা মঙলবাৰে একাংশ লোকে লকডাউন অৱমাননা সামাজিক দায়বদ্ধতা ৰক্ষা নকৰি পঞ্চায়ত কাৰ্য্যলয়লৈ আহি কাৰ্যালয় ভিতৰত সোমাই পৰিস্থিতি উত্তপ্ত কৰি তোলে। যিকোনো প্ৰকাৰে মেধি চুবুৰী পথ নিৰ্মাণ হব লাগিব দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ লিখি দিয়া মতে কাম কৰিবলৈ হেচা প্ৰয়োগ কৰে সভানেত্ৰী জোনটি হাজৰিকা। । সততে চতুৰ্দশ বিত্তীয় আয়োগৰ আচনিৰে পঞ্চায়ত সমূহত হৈ থকা কাম সমূহৰ ফিটা কাটি বা বা লোৱা বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে শেহতীয়াকৈ পঞ্চায়ত কাম কাজত হস্তক্ষেপ কৰাকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলত।

Leave a Reply

Your email address will not be published. Required fields are marked *