Friday , September 25 2020
শেহতীয়া খবৰ

কাজিৰঙাত অসম গৌৰৱৰ মৃত্যু

গণ বাৰ্তা , বোকাখাত, ২৮ আগষ্ট :  কাজিৰঙাত পুনৰ মৃত্যু হৈছে এজনী গঁড়ৰ ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনৰ বৰদলনি বনশিবিৰ এলেকাত মৃত্যু হৈছে গঁড়জনীৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনসংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়া মতে, স্বাভাৱিকভাৱে মৃত্যু হৈছে গঁড়জনীৰ  অত্যন্ত দুৰ্বল হৈ পৰা গঁড়জনী কালিৰে পৰা বৰদলনি বনশিবিৰৰ কাষৰীয়া ম’হপৰা গাঁৱত অসুস্থ হৈ পৰি গৈছিল ৷ আজি দিনৰ ভাগত গঁড়জনীৰ মৃত্যু হয় ৷ ইপিনে, গঁড়ৰ খৰ্গটো অক্ষত অৱস্থাত উদ্ধাৰ কৰে বনকৰ্মীয়ে চলিত বৰ্ষত এতিয়ালৈকে ৬১ টা গঁড়ৰ মৃত্যু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  ৷ ইয়াৰে দুটা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰি খৰ্গ কাটি নিবলৈ সক্ষম হৈছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *