Friday , September 25 2020
শেহতীয়া খবৰ

কাজিৰঙাত উদ্ধাৰ কৰা মাতৃহাৰা গঁড় পোৱালীৰ মৃত্যু

গণ বাৰ্তা, বোকাখাত, ১৮ আগষ্ট  : বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হোৱা মাতৃহাৰা গড়ঁ পোৱালীজনীৰ কালি সন্ধিয়া মৃত্যু হয় ।  জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ গাতে লাগি থকা লোখোৰাখনীয়া ( দ গাঁও) গাৱঁৰ পথাৰত  ১৫ আগষ্টৰ পুৱা এজনী মাইকী প্ৰায় এবছৰীয়া গঁড় পোৱালী বোকাত লুতুৰিপুতুৰি হৈ থকা অৱস্থাত স্থানীয় ৰাইজে দেখা পাই বন বিভাগক খবৰ দিছিল  । কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পশু চিকিৎসকৰ দল এটা উক্ত স্থানত উপস্থিত হৈ বনকৰ্মী আৰু স্থানীয় ৰাইজৰ সহযোগত মাতৃহাৰা গঁড় পোৱালীজনীক উদ্ধাৰ কৰিছিল। উদ্ধাৰ কৰা মাতৃহাৰা গঁড় পোৱালীজনীক উক্ত কেন্দ্ৰত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও কালি সন্ধিয়া মৃত্যু হয় । পশু চিকিৎসক চামচুল আলীয়ে জানিব দিয়া মতে গঁড় পোৱালীটো দুৰ্বল হৈ পৰাৰ বাবে চলন – ফুৰণত কিছু অসুবিধাৰ সন্মুখীন হৈ আছিল । কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰৰ চিকিৎসকে উদ্ধাৰ কৰা দুৰ্বল গঁড় পোৱালীটোক পাৰ্যমানে সুস্থ কৰি তুলাৰ চেষ্টা অব্যাহত ৰাখিছিল যদিও কালি নিশা প্ৰায় ৯ বজাত মৃত্যু হয় বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  সঞ্চালকে জানিব দিয়ে  । উল্লেখ্য  চলিত বৰ্ষত বানপানীৰ সময়ত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এইটো আছিল  দ্বিতীয়টো গঁড় পোৱালী ।  এই  গঁড় পোৱালীটোক লৈ বৰ্তমান উক্ত কেন্দ্ৰত এনেধৰণে ৮ টা মাতৃহাৰা গঁড় পোৱালীক ৰাখি চিকিৎসা প্ৰদান কৰি থকা  হৈছিল যদিও অবশেষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় মাতৃৰ পৰা বিচ্ছিন্ন হোৱা মাইকী গঁড় পোৱালীজনী  ।

Baby Rhino rescued near Kaziranga Wildlife Sanctuary, Assam

Baby Rhino rescued near Kaziranga Wildlife Sanctuary, AssamKaziranga National Park and CWRC personnel rescued a one year female #Rhino calf from Dahgaon village, on the periphery of Kaziranga National Park, on Saturday Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Sunday, 16 August 2020

Leave a Reply

Your email address will not be published. Required fields are marked *