Wednesday , September 23 2020
শেহতীয়া খবৰ

কাজিৰঙাত কভিড ৰোগীলৈ খাদ্যৰ নামত অখাদ্য যোগান 

গণ বাৰ্তা, বোকাখাত , ১০ আগষ্ট  :   কাজিৰঙাৰ কহঁৰাত অৱস্থিত কহঁৰা আদৰ্শ চিকিৎসালয় অৰ্থাৎ   কভিড হস্পিতালত কভিড ১৯ ত আক্ৰান্ত হোৱা ৰোগীক খাদ্যৰ নামত খুৱাইছে বৰবিহ । যি সময়ত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন মেল -মিটিঙত কভিড ১৯ ত আক্ৰান্তহৈ চিকিিৎসাধীন  হৈ থকা ৰোগীক উন্নত খাদ্য সামগ্ৰী যোগান ধৰা হৈছে বুলি সংবাদ মাধ্যমৰ যোগে প্ৰচাৰ চলাই আহিছে ঠিক তেনে সময়তে কাজিৰঙাৰ কহঁৰা  কভিড হস্পিতালত দেখা গল এক বিপৰীত ছবি । কাজিৰঙাস্থিত কভিড হস্পিতালত চিকিৎসাধীন হৈ থকা ৰোগীক আজি পুৱা আহাৰ যোগান দিয়া খাদ্যত পোৱা গল মুৰ্গীৰ পাখি ৷  অভিযোগ উত্থাপন কৰি এটা ভিডিঅ বাৰ্তা যোগে সাংবাদিকলৈ প্ৰেৰণ কৰিছে উক্ত কভিড হস্পিতালত চিকিৎসাধীন  হৈ থকা  সীমান্ত দত্ত নামৰ  এজন যুৱকে । বোকাখাতস্থিত প্ৰেৰণা চুইট্‌ছ এণ্ড বেকাৰী নামৰ এখন    ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা কাজিৰঙাস্থিত কভিড হস্পিতালত সেই খাদ্য যোগান ধৰা হৈছিল বুলি জানিব পৰা যায় । কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন  হৈ থকা ৰোগীক এনেধৰণৰ বৰবিহ খাদ্য যোগান ধৰাক   লৈ সম্প্ৰতি কাজিৰঙাত তীব্ৰ আতংকই বিৰাজ কৰিছে । চৰকাৰী নীতি নিৰ্দেশনাক কেৰেপ নকৰি নিজৰ মুনাফাৰ স্বাৰ্থত এনেধৰণে খাদ্য সামগ্ৰী যোগান ধৰা এই অসাধু ব্যৱসায়ীসকলক কোনে নাকি লগাব বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে  ? ইফালে আজি পুৱা যোগান ধৰা  খাদ্যত কৰ্মচাৰীৰ অসাৱধানতাৰ কাৰণে এনে হল বুলি   প্ৰেৰণা চুইটছ এন্ড বেকাৰীৰ গৰাকীয়ে সাংবাদিকৰ আগত আক্ষেপ প্ৰকাশ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *