Home Main Stories কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা : ৰখাই থোৱা মাৰুতি কাৰত পৰিল প্ৰকান্ড গছ

কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা : ৰখাই থোৱা মাৰুতি কাৰত পৰিল প্ৰকান্ড গছ

27
0

গণ বাৰ্তা, বোকাখাত ,৪ মে :  কাজিৰঙাৰ কহঁৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়  ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত ৰৈ থকা মাৰুতি কাৰ এখনৰ  ওপৰত পৰিল এজোপা প্ৰকাণ্ড গছ ৷ কথমপি ৰক্ষা পৰিল  বাহন খনৰ চালকৰ আসনত থকা ঐশ্বৰ্য্য বৰা (টিংকু) ৷ জানিব পৰা মতে মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত বছাগাওঁ নিবাসী ঐশ্বৰ্য্যই বুধবাৰে পুৱা প্ৰায় দহ বজাত নিজ মাতৃক এ এচ ০১জেড ৭২০২ নম্বৰৰ এখন মাৰুতি গাড়ীৰে ক’ভিডৰ প্ৰতিষেধক দিয়াবলৈ কহঁৰা বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়লৈ আনিছিল । মাতৃয়ে উক্ত চিকিৎসালয়ত প্ৰতিষেধক লৈ থকা অৱস্থাত ঐশ্বৰ্য্যই মাৰুতি  মাৰে কোনে” এই কথাষাৰ যেন আজি বাস্তৱত প্ৰমাণিত হল । মাৰুতি গাড়ীখনৰ চালকল আসনত বহি থকা ঐশ্বৰ্য্যৰ বিশেষ কোনো ক্ষতি নহল । ঐশ্বৰ্য্যই  ভৰিত সামান্য আঘাত পাইছে যদিও কোনো গুৰুত্বৰ ক্ষতি নহল । ইফালে প্ৰকান্ড গছজোপা মাৰুতি গাড়ীখনৰ ওপৰত পৰাৰ লগতে বৈদ্যুতিক তাৰ চিঙি ৰাষ্ট্ৰীয় ঘাইপথত পৰাত ৩৭ নং ৰাষ্ট্ৰীয় পথত চলি থকা উজনি- নামনিমোৱা কেইবা শতাধিক যান বাহন প্ৰায় এঘন্টা  আবদ্ধ হৈ পৰে । পলমকৈ হ’লেও কহঁৰা আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গছ কাটি পথ মুকলি কৰাতহে যান বাহনৰ চলাচল পুনৰ আৰম্ভ হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here