Sunday , September 20 2020
শেহতীয়া খবৰ

কাজিৰঙা ৰাষ্ট্ৰীয় বাবে সু-সংবাদ : নতুনকৈ সংযোজন হ’ল ৩০৫৩ হেক্টৰ ভূমি

গণ বাৰ্তা, বোকাখাত, ৪ ছেপ্তেম্বৰ :  বিশ্ব ঐতিহ্য ক্ষেত্ৰ এশিঙিয়া গঁড়ৰ বসতিস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে সু-সংবাদ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালিৰ সৈতে আজি সংযোজিত হ’ল ৩০৫৩ হেক্টৰ ভূমি ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ সৈতে পূর্বে ১৯৮৫ চনৰ পৰা সময়ে  সময়ে ছটা সংযােজন ঘটাই বন্যপ্রাণীৰ সুৰক্ষাৰ স্বাৰ্থত মাটিকালি বৃদ্ধি কৰা হৈছিল। ৰাষ্ট্রীয় উদ্যানখন সুৰক্ষাৰ দিশত পূর্বৰ তুলনাত অধিক কটকটীয়া কৰাত বন্যপ্রাণী সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনত থকা বন্যপ্রাণীৰ সংখ্যাৰ তুলনাত খাদ্য আৰু বিচৰণ ভূমিৰ সমস্যাই দেখা দি আছিল। ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চল মূল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালিৰ সৈতে সংলগ্ন কৰাটো অতি গুৰুত্বপূর্ণ বিষয় হৈ পৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে আৰু জানিবলৈ দিয়া মতে কিছুদিন পূর্বে সপ্তম, অষ্টম আৰু নৱম সংযােজনৰ প্রস্তাবনা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। আজি ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই চৰকাৰক দাখিল কৰা সপ্তম সংযােজন দেওচুৰ, পালখােৱা আৰু দেওচুৰ পাহাৰক লৈ ১৭৬ হেক্টৰ ভূমি, অষ্টম সংযােজন অতি  বিতর্কিত নগাঁও জিলাৰ বান্দৰডুবিৰ ৩০৭ হেক্টৰ আৰু নৱম সংযােজন শােণিতপুৰ জিলাৰ অধীনত মকোৱা চাপৰি ২,৫৭০ হেক্টৰ ভূমি ৰাষ্ট্রীয় উদ্যানখনৰ সংযােজন এলেকা অর্থাৎ উক্ত তিনিটা সংযােজনৰ অনুমােদন জনায়। এতিয়াৰ পৰা উক্ত অনুমােদিত মুঠ ৩,০৫৩ হেক্টৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ তত্ত্বাবধানত থাকিব। যাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়, হাতী, ম’হ আদি বন্যপ্রাণী সংৰক্ষণ কৰাত বন বিভাগৰ সুবিধা হ’ব বুলিও উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়ে। উল্লেখ্য যে ৰাজ্য চৰকাৰে অনুমােদন জনােৱা নৱম সংযােজন মকোৱা চাপৰি ২,৫৭০ হেক্টৰ ভূমি অর্থাৎ শােণিতপুৰ জিলাৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন  সংমণ্ডল এলেকাত আছে। ৰাষ্ট্রীয় উদ্যানখনৰ বিশ্বনাথ বন সংমণ্ডল বিষয়া মুকুট দাসে জানিবলৈ দিয়া মতে উক্ত ভূমিত এতিয়াও বহু লােকে বসবাস কৰি আছে। এই ভূমি এতিয়া বন বিভাগৰ অধীনত অর্থাৎ নৱম সংযােজন এলেকাত অন্তর্ভুক্ত হােৱাৰ পিছত ৰাজহ বিভাগৰ সহযােগত দখলকাৰীৰ নথি-পত্র পৰীক্ষা কৰি দখল মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব। আনহাতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ বিভাগৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা অতি বিতর্কিত সপ্তম সংযােজন দেওচুৰ-পালখােৱা আৰু অষ্টম সংযােজন বান্দৰডুবি এলেকাত দীর্ঘদিনৰ পৰা কিছু সন্দেহজনক লােকে চৰকাৰী মাটি বেদখল কৰি বসবাস কৰি আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে
বর্তমানৰ চৰকাৰে অতি কঠোৰ হাতেৰে উচ্ছেদ কৰিবলৈ সক্ষম হৈছিল আৰু কিছুদিন পূর্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ প্ৰচেষ্টা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন তথা কাজিৰঙাৰ সাংবাদিকৰ সহযােগত কলিয়াবৰ ৰাজহচক্র বিভাগে উক্ত উচ্ছেদিত ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিছিল। ১৯০৫ চনৰ পৰাই কাজিৰঙা বন্যপ্রাণী সংখ্যা বৃদ্ধি পাই আহিছে যদিও বন্যপ্রাণীৰ তুলনাত মাটি বৃদ্ধি হােৱা নাছিল। যাৰ ফলত গঁড়, হাতী আদি বন্যপ্রাণী বিভিন্ন সময়ত খাদ্য আৰু বিচৰণ ভূমিৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলবােৰত ওলাই অহাত মানুহ আৰু বন্যপ্রাণীৰ সংঘাতৰ সৃষ্টি হৈ আহিছিল। এনেধৰণৰ সমস্যা কিছু লাঘৱ কৰাৰ উদ্দেশ্যে বন বিভাগে ১৯৮৫ চনৰ পৰাই সময়ে সময়ে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ভূমিত ছটা সংযােজন ঘটাই মুঠ মাটিকালিৰ সৈতে লগ লগােৱা হৈছিল। উল্লেখ্য যে আজি অনুমােদন জনােৱা সপ্তম সংযােজনে কাজিৰঙা আৰু লাওখােলা- বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল, অষ্টম সংযােজনে কার্বি পাহাৰৰ সৈতে আৰু নৱম সংযােজনে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ পৰাত বন্যপ্রাণীৰ বিচৰণত সুবিধা হ’ব বুলিও সঞ্চালকে মত প্রকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *