Sunday , September 20 2020
শেহতীয়া খবৰ

কাৰবি আংলঙত আম আদমি পাৰ্টীৰ নিৰ্বাচনী তৎপৰতা

অসমৰ সৰু- বৰ ৰাজনৈতিক দলক আম আদমিত যোগদান কৰিবলৈ আহ্বান  –  ৰাষ্ট্ৰীয় নিৰীক্ষক ৰাজেশ শৰ্মাৰ

গণ বার্তা, ডিফু, ৪ ছেপ্টেম্বৰ :  সমাগত ২০২১ চনত অসমত বিধান সভা নিৰ্বাচন! সেই মৰ্মে বিভিন্ন ৰাজনৈতিক দলে ভোটাৰৰ মন আকৰ্ষিত কৰাৰ বাবে নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুত কৰি থকাৰ সময়ত দিল্লীৰ জনপ্ৰিয় নেতা অৰবিন্দ কেজৰিয়ালৰ নীতি- আদৰ্শেৰে অসমতো এখন দূৰ্নীতি- ভ্ৰষ্টাচাৰমুক্ত আৰু উন্নয়নমূখী এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ আম আদমী পাৰ্টীয়ে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰি দিছে ৷ এই উদ্দেশ্যে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মাৰ নেতৃত্বত এক অভিজ্ঞ দল সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা আৰম্ভ কৰিছে ৷ সেই একেই উদ্দেশ্যলৈ পাহাৰীয়া জিলা কাৰবি আংলঙৰ ৰাজনীতিতো আত্মপ্ৰাশ কৰিছে আম আদমী পাৰ্টীয়ে ৷ আম আদমী পাৰ্টীৰ জিলা সভাপতি মিণ্টু পাটৰ আৰু সাধাৰণ সম্পাদক কাৰ্তিক বে’ৰ নেতৃত্বত বৃহস্পতিবাৰে ডিফুৰ ৬ কিলোত পাৰ্টীৰ মূখ্য কাৰ্যালয় অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক সভাত উপস্থিত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰিক্ষক কেইবাগৰাকী ৰাজ্যিক নেতা ৷ কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমৰ্থক সকলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক অতিথি সকলক উষ্ম আদৰণি জনায় ৷ দলীয় কৰ্মীক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় নিৰিক্ষক ৰাজেশ শৰ্মা আম আদমী পাৰ্টীৰ নীতি- আদৰ্শেৰে অসমত তথা কাৰবি আংলঙত এখন উন্নয়ণ মূখী দৰিদ্ৰ জন সাধাৰণৰ কল্যাণকামী চৰকাৰ গঠন কৰাৰ মত পোষণ কৰে ৷ অসমত দিল্লীৰ দৰে বিনামূলীয়া বিজুলী, পানী, শিক্ষা মহিলা সুৰক্ষা দিব পৰা এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ কৰ্মী সকলক ৰাইজৰ মাজত সোমাই গৈ আম আদমী পাৰ্টীৰ নীতি- আদৰ্শ বুজাই দিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰি আম আদমী পাৰ্টী কথাৰে নহয় কামত পৰিচয় দিয়ে বুলি কৈ অসমৰ সৰু- বৰ দলক আম আদমী পাৰ্টীত যোগদান কৰিবলৈ আহ্বান জনায় ৷ আনহাতে আম আদমী পাৰ্টীৰ ছচিয়েল মেডিয়াৰ ইনচাৰ্জ লক্ষ্মীকান্ত দুবেই সাংবাদিৰ আগত কয় যে, আম আদমী পাৰ্টী আগন্তুক বিধান সভা নিৰ্বাচনত ১২৬ টা সমষ্ঠীতে প্ৰাৰ্থী দিব, সেইবাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলৰ আন্তঃগাথনি মজবুত কৰাৰ লগতে যোগ্য নেতা বাচনিৰ প্ৰক্ৰিয়া চলি আছে বুলি জনায় ৷ আম আদমী প্ৰাৰ্থীৰ বোকোচাত উঠি অসম তথা কাৰবি আংলঙতো দূৰ্নীতি — ভ্ৰষ্টাচাৰমুক্ত এখন চৰকাৰ গঠন কৰাই দলৰ উদ্দেশ্য বুলি কয় ৷ ইয়াৰোপৰি আম আদমী পাৰ্টীৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি মিণ্টু পাটৰে সাংবাদ্কৰ সৈতে বাৰ্তালাপত কয়যে, পাহাৰীয়া জিলা কাৰবি আংলঙত দুৰ্নীতি- ভ্ৰষ্টাচাৰ মুক্ত কৰিবলৈ আম আদমী পাৰ্টীৰ প্ৰয়োজন হৈছে ৷ আম আদমী পাৰ্টীয়ে জাত- পাত , ধৰ্মৰ ৰাজনীতি নকৰে, কেৱল উন্নয়ণৰ ৰাজনীতি কৰে ৷ বহু কম সময়ৰ ভিতৰত পাহাৰত ৰাইজে আম আদমী পাৰ্টীক আকোৱালি লৈছে ৷ অতি শীঘ্ৰে আম আদমী পাৰ্টীয়ে কাৰবি আংলং স্বায়ত্তশাস্ত পৰিষদ দখল কৰিবলৈ সক্ষম হব বুলি কয় জিলা সভাপতি গৰাকীয়ে ৷ আনহাতে সভাৰ মাজতে ৰাষ্ট্ৰীয় নিৰিক্ষকজনে কৰ্মী সকলক গাঁৱে- ভূঁয়ে প্ৰৱেশ কৰি দলৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে কৰণা কালত ৰাইজৰ স্বাস্থ্যৰ বুজ লবলৈ কেইবাটাও অক্সিমিটাৰ প্ৰদান কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *