Friday , September 25 2020
শেহতীয়া খবৰ

কাৰাগাৰত অখিল গগৈ :  তীব্ৰ আৰ্থিক সংকটত কাজিৰঙা অৰ্কিড পাৰ্ক  : মুক্তিৰ আহ্বান  

অলক জ্যোতি শইকীয়া, বোকাখাত, ৩১ আগষ্ট  : কাজিৰঙাৰ দূৰ্গাপুৰ গাঁৱত কৃষক নেতা অখিল গগৈৰ প্ৰচেষ্টাত স্থাপন কৰা কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যান বৰ্তমান তীব্ৰ আৰ্থিক সংকটৰ সন্মূখীন হোৱাৰ কথা জানিব পৰা গৈছে । মহামাৰী কভিড – ১৯ আৰম্ভ হোৱাৰ পিছত কাজিৰঙা জাতীয়  অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানখন চৰকাৰৰ নীতি নিৰ্দেশনা মতে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল । পাঁচ মাহতকৈ অধিক দিন উক্ত অৰ্কিড উদ্যানখন সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত উদ্যানখন পৰিচালনা  কৰাৰ ক্ষেত্ৰত তীব্ৰ আৰ্থিক সংকটৰ সন্মূখীন হোৱাৰ কথা জানিব পৰা গৈছে । কৃষক নেতা অখিল গগৈৰ নেতৃত্বত গঠন কৰা এখন সমবায় সমিতিয়ে কাজিৰঙা অৰ্কিড পাৰ্কখন পৰিচালনা কৰি থকা হৈছিল । কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানৰ পৰিচালক প্ৰাঞ্জল কাকতিয়ে জানিব দিয়া মতে কভিড মহামাৰীৰ আৰম্ভ হোৱাৰ লগে লগে অৰ্থাৎ চলিত বৰ্ষৰ  ১৭ মাৰ্চৰ পৰা চৰকাৰ নীতি – নিৰ্দেশনা মতে কাজিৰঙা অৰ্কিড পাৰ্ক বন্ধ কৰা হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে অৰ্থাৎ পাঁচ আমাতকৈও অধিক দিন কাজিৰঙা অৰ্কিড পাৰ্ক বন্ধ হৈ থকাৰ বাবে উদ্যানখন পৰিচালনা কৰাটো অসম্ভৱ হৈ পৰিছে । ২০১৫ চনৰ ১৪ অক্টোবৰত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাইয়ে আনুষ্ঠানিক ভাৱে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানখনৰ ফিতা কাটি মুকলি কৰাৰ পিছৰ পৰাই এই উদ্যানখনলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ লগতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা গবেষকৰ সোঁত বৈছিল । এই উদ্যানখন কেৱল আমোদ- প্ৰমোদৰ কেন্দ্ৰহৈ নাথাকি এক গবেষণা তথা শিক্ষাৰ প্ৰতিষ্ঠানলৈ পৰিণত হৈ পৰিছিল । প্ৰায় ২২ বিঘা মাটিৰে আগুৰি থকা এই জাতীয় অৰ্কিড উদ্যানখনত এশতকৈও অধিক স্থানীয় লোকে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰি এই অৰ্কিড উদ্যানখনক কেন্দ্ৰ কৰি কাজিৰঙাৰ দূৰ্গাপুৰ গাঁৱত কেইবাটাও  ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি উঠিছিল । কাজিৰঙা   অৰ্কিড উদ্যানত কৰ্ম কৰি শতাধিক লোকে জীৱন নিৰ্বাহ কৰি আছিল যদিও  অতি পৰিতাপৰ কথা যে কভিডৰ কাৰণে উক্ত অৰ্কিড পাৰ্ক বন্ধ হোৱাত সকলো লোকে কৰ্ম
সংস্থাপন হেৰুৱাব লগা হৈছিল । পৰিচালক প্ৰাঞ্জল কাকতিয়ে জানিব দিয়া মতে অৰ্কিড পাৰ্কৰ কৰ্মচাৰীক প্ৰতি মাহে দৰমহা দিবলৈ ৭-৮ লাখ টকাৰ প্ৰয়োজন হয় । অৰ্কিড পাৰ্ক পৰিচালনা কৰি থকা সমবায় সমিতিৰ তৰফৰ পৰা কৰ্মচাৰীসকলক তলা বন্ধৰ সময়ত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ উপৰি কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হৈছিল যদিও আৰ্থিক অনাটনৰ বাবে উক্ত সুবিধা নিয়মীয়াকৈ দিয়াটো সম্ভৱ নহয় বুলি পৰিচালকে জানিব দিয়ে । উল্লেখ্য কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানত কৰ্ম হেৰুৱাই কৰ্মহীন কৰ্মচাৰীসকল ভীষণ আৰ্থিক অনাটনত বৰ্তমান জীৱন অতিবাহিত কৰি আছে । কিছু লোকে বাধ্য হৈ আনৰ ঘৰত হাজিৰা কৰাৰ লগতে কিছুৱে কাঠ বা পকা মিস্ত্ৰীৰিৰ জুগালিৰ কাম কৰিবলৈ বাদ হৈছে । অন্যহাতে অৰ্কিড পাৰ্কখন পৰিচালনা কৰিবলৈ মাত্ৰ  দুজন কৰ্মচাৰীক স্থায়ী ভাৱে ৰখা হৈছে যদিও প্ৰায় ৬ শতাধিক প্ৰজাতিৰ অৰ্কিড, পাঁচশ প্ৰজাতিৰ ঔষধি উদ্ভিদ,  ১৩০ প্ৰজাতিৰ কেকটাচ , ৭৪ টা প্ৰজাতিৰ বাঁহ, যাদু ঘৰ , ফটো গেলেৰীৰ পৰা আৰম্ভ কৰি নৌকা বিহাৰ , মাছ পালন আদি এই বৃহত পাৰ্কখন পৰিস্কাৰকৈ বা প্ৰতিপালন কৰাটো অসম্ভৱ । উল্লেখ্য তলা বন্ধ চলি থকা অৱস্থাত উক্ত অৰ্কিড পাৰ্কত ১৫ বিঘা মাটিত  কলা ধান , কুনকুনি, বৰা ,জহা , বাও আদি কৰি ৰাজ্যখনৰ পৰা বিলুপ্ত হব ধৰা ৬০ টা স্থানীয় প্ৰজাতিৰ ধানৰ খেতি কৰাৰ কথাও পৰিচালকে জানিব দিয়ে । বৰ্তমান পৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যান পৰিচালনা কৰি থকা সমবায় সমিতিৰ সভাপতি তথা কৃষক নেতা অখিল গগৈ বৰ্তমান কাৰাগাৰত থকাৰ বাবে আন এক সমস্যাই দেখা দিছে । আৰ্থিক ভাৱে জুৰুলা হৈ পৰা অৰ্কিড পাৰ্কখন পুনৰ মুকলি কৰিবলৈ হলে আৰু বহু ধনৰ প্ৰয়োজন । অখিল গগৈৰ গোছৰ খেলিবলৈ ধনৰ অভাৱ ঘটাৰ সময়ত এতিয়া কাজিৰঙা অৰ্কিড পাৰ্ক পুনৰ  মুকলি কৰাৰ বাবে অতিৰিক্ত ধন গোটোৱাটো ভীষণ জটিল সমস্যা হৈছে বুলি সমবায় সমিতিৰ সচিব ৰতন দাৱে জানিব দিয়ে । বৰ্তমান অৰ্কিড পাৰ্কখন মুকলি কৰাটো অসম্ভৱ । আগন্তুক পৰ্যটন বৰ্ষ অৰ্থাৎ অক্টোবৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে  মুকলি কৰাৰ সময়তহে পুনৰ অৰ্কিড পাৰ্কখন মুকলি কৰা হব বুলি সচিব ৰতন দাৱে জানিব দিয়ে । ইফালে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানৰ  কৰ্মচাৰীসকলৰ পৰিয়াল পোহ – পালনৰ কথা চিন্তা কৰি অতি সোনকালে চৰকাৰে অখিল গগৈক মুক্তি দিবলৈ অৰ্কিড পাৰ্কৰ কৰ্মচাৰীসকলে আহ্বান জনাইছে । উল্লেখ্য বৰ্তমান অৰ্কিড পাৰ্কখন বন্ধ থকা অৱস্থাতো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত লোকে অৰ্কিড বিছাৰি বা উদ্যানখন ভ্ৰমণ কৰিবলৈ আহি নিৰাশ হৈ উভতি যাবলৈ বাধ্য হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *