Sunday , September 20 2020
শেহতীয়া খবৰ

কা’ বিৰোধী আন্দোলন তীব্ৰ কৰাৰ সংকল্প গ্ৰহণ ‘কা’ বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ

গণ বাৰ্তা, ৰাজগড়, ৮ ছেপ্তেম্বৰ : কা বাতিলৰ দাবী ত আজি পুনৰবাৰ টিংখাঙৰ ৰাজগড়ৰ ৰাজপথ উতপ্ত হৈ পৰে । আজি টিংখাঙৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা প্ৰায় পাছ শতাধিক ৰাইজে ‘কা’ বিৰোধী ঐক্য মঞ্চৰ টিংখাঙৰ পূৰ্ব ঘোষিত কাৰ্যসূচী সফল কৰিবলৈ শ্বহীদ বেদী তিনিআলিত সমবেত হয় ।এক প্ৰেছ বিবৃতিত মঞ্চই কয় যে যোৱা নিশাৰে পৰা ৰাজগড় আৰক্ষীয়ে মঞ্চক আজিৰ কাৰ্যসূচী বাতিল কৰিবলৈ ফোন যোগে প্ৰবল হেঁচা প্ৰয়োগ কৰে।আজিও পূৱাৰে পৰা ৰাজগড় আৰক্ষীয়ে কাৰ্যসূচী ৰূপায়ণ কৰিলে গোচৰ ৰুজু কৰিব বুলি ভাবুকি প্ৰদান কৰে যদিও ৰাইজে আৰক্ষীৰ বাধা ভাঙি ৰাজগড় শ্বহীদ বেদি তিনিআলিত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ যোগ্য যে শেহতীয়া ভাৱে একাংশ শিল্পী তথা তথাকথিত জাতীয়তাবাদী নেতাই ‘কা’ আন্দোলনত অংশ গ্ৰহণ কৰি এতিয়া বি জে পিৰ কোলাত আশ্ৰয় লৈছে । মঞ্চ ই তেওঁ লোকৰ এই কাৰ্যক বিশ্বাসঘাতকতা বুলি অভিহিত কৰে আৰু এই বিশ্বাসঘাতকতাৰ বিপৰীতে আজিৰ এই কাৰ্যসূচীৰ যোগেদি মঞ্চই ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ কৰাৰ *সংকল্প গ্ৰহণ* কৰে । প্ৰতিবাদ কাৰী সকলে ‘কা’ বাতিল কৰক, সকলো ‘কা’ কাৰাবন্দীক মুক্তি দিয়ক, গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়া টিংখাং প্ৰশাসনে বিধায়ক বিমল বড়াই কভিড প্ৰটকল ভংগ কৰাত নিৰৱ কিয় জবাব দিয়ক,আদি শ্লগানেৰে ৰাজপথ উত্তাল কৰে । কাৰ্যসূচীৰ অন্তত মঞ্চৰ তৰফৰপৰা স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে ‘কা’ বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।আজিৰ কাৰ্যসূচীত উপস্থিত থাকে কা বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ সম্পাদক বিপ্লৱ বৰুৱা, সহ:কাৰী সম্পাদক বলীন্দ্ৰ শইকীয়া,বলদেৱ তেলী,নিতুল বৰুৱা, সদস্য বিতোপন বকলীয়াল, কুন্তী তাতী,অজিত বকলীয়াল, অনন্ত মেছক প্ৰমুখ্যে কৰি বহুত বিষয়ববীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *