Friday , September 25 2020
শেহতীয়া খবৰ

কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন বগীজান থানা সমিতিৰ , দহ গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য

গণবার্তা, নুমলীগড়, ১৪ জুলাইঃ গোলাঘাট জিলাৰ মৰঙিৰ বগীজান থানাৰ অন্তৰ্গত কৃতী ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্য যোৱা পাঁচ বছৰে অভিনন্দন জনাই আহিছে। লগতে আৰ্থিকভাৱে সৱল নোহোৱা পৰিয়ালৰ মেধাবী ছাত্ৰ ছাত্ৰীক আৰ্থিক ভাৱেও সামান্য সাহাৰ্য প্ৰদান কৰে। থানা এলেকাৰ অন্তৰ্গত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱা অনুষ্ঠানটি প্ৰতিবছৰে আৰম্বপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয় যদিও এই বছৰ কৰ’না মহামাৰীৰ ভয়াবহতাৰ বাবে তাৰ পৰিৱৰ্তে ঘৰে ঘৰে গৈ তেনে ছাত্ৰ ছাত্ৰী সকলক থানা সমিতিৰ বিষয় ববীয়াই অভিনন্দন জনায়। বৃহৎ এলেকাটোত দুই এদিনতে সকলোৰে ঘৰলৈ যোৱা সম্ভৱ নহয় বাবে যোৱা ৩০ জুনৰ পৰা ১২ জুলাইলৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ ৪১ গৰাকী ছাত্ৰ ছাত্ৰীক এই সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ ভিতৰত আৰ্থিকভাৱে দূৰ্বল ১০ গৰাকী ছাত্ৰ ছাত্ৰীক দুহেজাৰ টকাকৈ সাহাৰ্য্য প্ৰদান কৰা হয়। এই অভিনন্দনৰ যোগেদি ভৱিষ্যতে তেওঁলোকে যাতে এগৰাকী উপযুক্ত মানৱ সম্পদ হিচাপে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ আশা কৰিছে বগীজান থানা সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *