Sunday , September 20 2020
শেহতীয়া খবৰ

কৃষিভূমি বণিয়াৰ হাতলৈ হস্তান্তৰৰ  কৌশলী সিদ্ধান্ত বাতিল কৰকঃ  ডি ৱাই এফ আই

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ জুলাই ঃ চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি এক গুৰুত্বপূৰ্ণ ঘোষণাযোগে অসমৰ কৃষিভূমি অকৃষি কাৰ্যলৈ হস্তান্তৰ কৰিবলৈ যি সিদ্ধান্তৰ কথা ঘোষণা কৰিছে তাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটীয়ে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু এয়া অকল কৃষকৰ বাবেই নহয়, সমগ্ৰ কৃষিক্ষেত্ৰৰ বাবে ভাবুকি বুলি সংগঠনটোৱে অভিহিত কৰিছে। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে ডিৱাইএফআইৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি লোকনাথ অধিকাৰী আৰু সম্পাদক নয়ন ভূঞাই কয় যে কোনো কৃষিভূমি চৰকাৰী অনুমতি অবিহনে অকৃষি কাৰ্যলৈ ৰূপান্তৰ  কৰিব খোজা কাৰ্য অতি ভয়াৱহ; ইয়ে ভৱিষ্যতে সাধাৰণ ৰাইজৰ ভূমিৰ ওপৰত থকা অধিকাৰত  আঘাত হানিব। কোৰোনা মহামাৰীৰ বাবে সৃষ্টি হোৱা ব্যাপক অৰ্থনৈতিক বিপৰ্যয়ৰ অজুহাতত সকলো চৰকাৰী বাধা-নিষেধ উলাই কৰি কৃষিভূমিসমূহ নিজ ইচ্ছাৰেই অকৃষি কাৰ্যলৈ হস্তান্তৰৰ বাবে অসম চৰকাৰে মুকলি কৰি দিছে। ইতিমধ্যে ৰাজ্যখনৰ বৃহৎ পৰিমাণৰ কৃষিভূমি একাংশ ব্যৱসায়ী আৰু দালালে মিলি অকৃষি ক্ষেত্ৰলৈ অবৈধভাৱে হস্তান্তৰ কৰিছে। ফলত কৃষিভূমি সংকুচিত হৈ কৃষিক্ষেত্ৰলৈ ভাবুকি নামি আহিছে। পুনৰ চৰকাৰীভাৱে কৃষিভূমি অকৃষি কাৰ্যলৈ হস্তান্তৰ কৰাৰ অনুমতি দিয়াৰ ফলত বৃহৎসংখ্যক কৃষিভূমি ব্যৱসায়ীৰ হাতলৈ গুচি যোৱাটো নিশ্চিত।  ইয়াৰ ফলস্বৰূপে বহু কৃষকে ভূমি হেৰুওৱাৰ উপক্ৰম হ’ব আৰু ৰাজ্যখনৰ কৃষিৰ ওপৰত থকা স্ব-নিৰ্ভৰতাও হেৰুৱাব। দেখা গৈছে যে ইতিমধ্যে বহু কৃষিভূমিত উদ্যোগ স্থাপন কৰিম বুলি  লোৱাৰ পাছতো কোনো উদ্যোগ স্থাপন হোৱা নাই, অথচ সেই কৃষিভূমি উদ্যোগপতিৰ ব্যক্তিগত সম্পত্তি হিচাপেই হস্তগত হৈছে।  এই ভয়ংকৰ কৃষি আৰু কৃষকবিৰোধী সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ ডি ৱাই এফ আয়ে দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *