Friday , September 25 2020
শেহতীয়া খবৰ

কোচ জাতিৰ ইতিহাস নাজানে চৰকাৰে

গণ বাৰ্তা বিশেষ,গোলাঘাট, ১৭ আগষ্ট :  সদৌ অসম কোচ  এচছিয়েচন, সদৌ অসম কোচ মহিলা, সদৌ কোচ যুৱ পৰিষদ, নাৰায়নী সেনা (কোচ সেনা), কোচ সাহিত্য সভা, কোচ উন্নয়ন পৰিষদ (KDC ), সদৌ অসম কোচ ছাত্ৰ সন্থা আদিকে ধৰি ৭টা কোচ জাতীয় সংগঠনৰ সংবাদ মেল। কোচ সম্প্ৰদায়ৰ বিভিন্ন দিশৰ ওপৰত সংবাদ মেল। কোচ জাতিৰ ইতিহাস নাজানে চৰকাৰে বুলি মন্তব্য কৰে সংগঠনতোৱে। লগতে কোচ ৰাজবংশী জাতিক ৰঘূমলাৰ লগত তুলনা কৰি সংবাদ মেলত কয় অসম বা ভাৰত বুৰঞ্জীত কোচ ৰাজবংশী বুলি কোনো জাতি নাই, ই এটা পাবত গজা জাতি। ইয়াৰ উপৰিও অখিল গগৈৰ ৭০টা জাতিয় সংগঠনৰ লগত কোচ জাতীয় সংগঠন সমূহ জড়িত বা দায়বদ্ধ নহয়। কোচ জাতীয় সংগঠন সমূহ ৬ জনগোষ্ঠী ঐক্যমঞ্চত নাথাকে, নাছিল আৰু নাই। কোচক লৈ ৬ জনগোষ্ঠী ঐক্যমঞ্চই কোনো ধৰণৰ কাৰ্যসূচী নচলাবলৈ সংখ্যক প্ৰদান সংগঠনতোৰ । সদৌ অসম ছাত্ৰ সন্থা সহ ৩০ টা জনগোষ্ঠীয় সংগঠনত, কোচ জাতীয় সংগঠন, কোচ ৰাইজ সমূহ অন্তৰ্ভূক্ত নহয়। অতি শীঘ্ৰে অসমত ১০০০ জন কোচ ভাষাৰ শিক্ষকক নিযুক্তি দিবলৈ সংবাদ মেলৰ যোগেদি  আহ্বান । কোচসকলক OBC জাতিৰ প্ৰমাণ পত্ৰ সমূহ কেৱল কোচ হিচাবে দিব লাগে। দেশৰ অৰ্থনৈতিক শক্তিশালী কৰিবলৈ নিবনুৱা কোচ যুৱক-যুৱতী সকলক চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *