Wednesday , September 23 2020
শেহতীয়া খবৰ

কোনো কাৰণতে শিঠিল নহয় লকডাউন , ১৪ এপ্ৰিললৈ তলাবন্ধ মানিবলৈ ৰাইজক আহবান স্বাস্থ্যমন্ত্ৰীৰ

কেৱল খাদ্য উৎপাদন প্ৰতিদানেহে আবেদনৰ জড়িয়তে উৎপাদন অব্যাহত ৰাখিব পাৰিব

দৈনিক গণঅধিকাৰঃ  ৰাজ্য চৰকাৰে পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত লকডাউন শিঠিল কৰিব বুলি সমগ্ৰ ৰাজ্যতে চলা প্ৰচাৰক অমূলক আখ্যা দিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি সংবাদ মাধ্যমক স্পষ্টভাৱে জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে কোনো কাৰণতে ৰাজ্যত লকডাউন শিঠিল কৰি দিয়া নহয়। কোৰোনা ভাইৰাছৰ পৰা ৰাজ্যবাসীক সুৰক্ষিত ৰখাৰ বাবে লকডাউন কাৰ্যসূচী ঘোষণা কৰাৰ পিছতে বিগত একসপ্তাহ ধৰি সমগ্ৰ ৰাজ্যত লকডাউন অব্যাহত আছে।

এনে অৱস্থাতে কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যত কিছুসংখ্যক সেৱা মুকলি কৰাৰ কথা উল্লেখ কৰা হৈছিল। এই সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যত লকডাউন শিঠিল কৰা হৈছে বুলি সৰ্বত্ৰে চলা বাতৰি ভুল বুলি উল্লেখ কৰি আজি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে জনস্বাস্থ্যৰ প্ৰতি সুৰক্ষাৰ দিশতো লক্ষ্য ৰাখি ৰাজ্যত কোনো কাৰণতে লকডাউন শিঠিল কৰা নহয়।

মাত্ৰ ৰাইজৰ সুবিধালৈ লক্ষ্য কৰি কোনো খাদ্য উৎপাদনকাৰী প্ৰতিষ্ঠানে নিজৰ উৎপাদন অব্যাহত ৰাখিব পাৰিব কিন্তু এইক্ষেত্ৰতো স্বাস্থ্য বিভাগৰ পৰামৰ্শ আৰু নিয়মাৱলী মানি চলিব লাগিব। খাদ্য উৎপাদনকাৰী প্ৰতিষ্ঠানে উপায়ুক্তক নিজৰ প্ৰতিষ্ঠান চলাই ৰখাৰ বাবে আবেদন জনাব লাগিব। আবেদনৰ ওপৰত উপায়ুক্তই পৰ্যালোচনা কৰিব আৰু যদি স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী তেনে প্ৰতিষ্ঠানে স্বাস্থ্যসন্মত আৰু বিজানুমুক্ত ভাবে উৎপাদন কৰিব পাৰে বুলি উপায়ুক্তই নিশ্চিত হয় তেন্তে তেনে প্ৰতিষ্ঠানক উৎপাদন অব্যাহত ৰাখিবলৈ অনুমতি প্ৰদান কৰিব।

১৪এপ্ৰিললৈকে লকডাউন অব্যাহত থাকিব বুলি উল্লেখ কৰি কালি কেবিনেটত কিছুসংখ্যক বিভাগে প্ৰয়োজন অনুসাৰেহে কাম অব্যাহত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে। আনহাতে এই লকডাউনৰ সময়ছোৱাত সকলো ৰাইজকে ঘৰৰ ভিতৰতে থাকিবলৈ পুনৰ এবাৰ আহবান জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *