Home Main Stories কোভিডত আক্ৰান্ত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত সাংবাদিক ৰোহিত সৰদানাৰ মৃত্যু

কোভিডত আক্ৰান্ত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত সাংবাদিক ৰোহিত সৰদানাৰ মৃত্যু

34
0

প্ৰাক্তন এট’ৰ্নি জেনেৰেল চলি শ্বৰাবজিৰ বিয়োগ

শ্বুটাৰ ডিডি ৰূপে পৰিচিত চান্দ্ৰ টোমাৰ মৃত্যু

নতুন দিল্লী, ৩০ এপ্ৰিল  : ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰখ্যাত সাংবাদিক ৰোহিত সৰদানাৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে। দীৰ্ঘ সময় ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমসমূহত সাংবাদিকতা কৰা ৪২ বছৰীয়া সৰদানাৰ আজি দুপৰীয়া হৃদযন্ত্ৰত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে তেওঁ ক’ভিড ৰোগতো আক্ৰান্ত হৈছিল। এক সপ্তাহৰ পূৰ্বে তেওঁ জ্বৰৰ লগতে আন আন সমস্যাত ভোগাত ক’ভিড পৰীক্ষা কৰিছিল। কিন্তু প্ৰথমতে আৰটিপিচিআৰ পৰীক্ষাত তেওঁৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল। কিন্তু চিটি স্কেনত তেওঁ ক’ভিডত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে। উল্লেখ্য যে ৰোহিত সৰদানাই মৃত্যুৰ পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘আজ তক’ত কৰ্মৰত হৈ আছিল। ‘আজ তক’ত তেওঁ দংগল নামৰ এঘণ্টীয়া অনুষ্ঠান চলাইছিল। ইয়াৰ পূৰ্বে তেওঁ জী নিউজত কৰ্মৰত আছিল। এনেদৰে তেওঁ বহুকেইটা সংবাদ মাধ্যমত কাম কৰাৰ অভিজ্ঞতা আছিল। তেওঁৰ মৃত্যুৰ খবৰে ৰাষ্ট্ৰীয় সংবাদ জগতত এক শোকৰ ছাঁ পেলাইছে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীৰ উপৰি কংগ্ৰেছৰ নেতাসকলৰ উপৰি আন বহুজনে। আনহাতে আজি প্ৰাক্তন এটৰ্নী জেনেৰেল আৰু আইনী বিশেষজ্ঞ সোলী সোৰাবজীৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটে। শুকুৰবাৰে পুৱাৰ ভাগত এইগৰাকী আইনী বিশেষজ্ঞৰ ৯১ বছৰ বয়সত মৃত্যু ঘটে। তেওঁ পদ্মভূষণ সন্মানেৰেও সন্মানিত হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ভি পি সিঙৰ কাৰ্যকালত ১৯৮৯-৯০লৈ আৰু পিছত অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালৰ ১৯৯৮-২০০৪লৈ ভাৰতৰ এটৰ্নী জেনেৰেল ৰূপে আছিল। তেওঁ কোৰোনাত আক্ৰান্ত হোৱাত দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু কোৰোনাৰ ওচৰত হাৰ মানি তেওঁ আজি পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত পত্নী, কন্যা আৰু দুই পুত্ৰক এৰি থৈ যায়। তেওঁৰ মৃত্যুত উচ্চতম ন্যায়ালয়ৰ উপৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীসহ বহুজনে শোক প্ৰকাশ কৰে।
আনহাতে আজি দেশৰ শ্বুটাৰ ডিডি ৰূপে পৰিচিত চান্দ্ৰো তোমৰৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটে। শেহতীয়াকৈ তেওঁ ক’ভিড আক্ৰান্ত হোৱাত মীৰাট হাস্পতালত ভৰ্তি কৰা হৈছিল। সেই হাস্পতালতেই আজি শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী মহিলা শ্বুটাৰে। তেওঁৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীকে ধৰি বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলে শোক প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here