Home Main Stories কোভিডে প্ৰাণ কাঢ়িলে দিল্লীত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ

কোভিডে প্ৰাণ কাঢ়িলে দিল্লীত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ

62
0

গণ বাৰ্তা, বৰপেটা-জাহোৰপাম, ৩০ এপ্ৰিল : দিল্লীস্থিত অসমৰ জ্যেষ্ঠ সাংবাদিক নীলাক্ষী ভট্টাচাৰ্যৰ ক’ভিডত আক্ৰান্ত হৈ দিল্লীৰ প্ৰতীক্ষা হাস্পতালত দেহাৱসান ঘটে। টাইম্‌ছ অৱ ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নীলাক্ষীৰ স্বামী কল্যাণ বৰুৱাও ক’ভিড আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে। কল্যাণ বৰুৱা আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সাংবাদিক। নীলাক্ষী ভট্টাচাৰ্য পৰ্বতাৰোহী ৰূপেও সমাদৃত হৈছিল। তেওঁ হিমালয়ৰ বিভিন্ন প্ৰান্তলৈ পৰ্বতাৰোহণৰ কেইবাটাও অভিযানত অংশ লৈছিল। গুৱাহাটীৰ দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ প্ৰতিষ্ঠাপক সদস্য নীলাক্ষীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। নীলাক্ষীয়ে স্বামী কল্যাণ বৰুৱা আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থকা একমাত্ৰ কন্যাক এৰি থৈ গৈছে। বিজেপিয়ে অকলেই লাভ কৰিব ৭০খন আসন

LEAVE A REPLY

Please enter your comment!
Please enter your name here