শেহতীয়া খবৰ

কোৰ’নাত আক্ৰান্ত হৈ কাৰবি ক’ৰনাত আক্ৰান্ত হৈ কাৰ্বি আংলঙত দ্বিতীয়জন ৰোগীৰ মৃত্যু

 মৃত ২১ বছৰীয়া যুৱকজনৰ ট্ৰেভেল হিষ্টৰী আছিল চেন্নাইৰ

গণ বাৰ্তা বিশেষ, ডিফু, ১৮ জুন ঃ মাৰাত্মক কোভিড ১৯ত আক্ৰান্ত হৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত দ্বিতীয়গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে এই পৰিসংখ্যা লৈ অসমত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ৯জনলৈ বৃদ্ধি পালে । যোৱা নিশা ডিফু মেডিকেল কলেজ আৰু হাস্পাতালৰ ক’ভিড হাস্পাতালৰ আইচ’লেচন ৱাৰ্ডত ক’ভিডত আক্ৰান্ত হৈ  এগৰাকী যুৱকৰ মৃত্যু  হয় । মৃত যুৱকজনৰ নাম সঞ্জয় খাকলাৰী (২১)। যুৱকজন ১৬ জুনত চেন্নাইৰ পৰা উৰাজাহাজেৰে আহি গুৱাহাটীত নামিছিল। গুৱাহাটীৰ পৰা আহি নিশা ৮.৩০ বজাত কাৰ্বি আংলং জিলাৰ পাৰখোৱাত স্বাৱ দি বকলীয়াঘাটত কোৱাৰেন্টাইনত আছিল। কালি পুৱা উশাহ-নিশাহ লোৱাত কষ্ট পোৱাত তেওঁক ডিফু মেডিকেল কলেজলৈ পুৱাতে অনা হৈছিল। সন্ধিয়া যুৱক গৰাকীৰ ডিফু কোভিড হাস্পাতালৰ আইচ’লেচন ৱাৰ্ডত মৃত্যু হয়। জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া জনোৱা মতে, কালি সন্ধিয়া যুৱকজন চিকিৎসাধীন অৱস্থাত শ্বাস-প্ৰশ্বাস লোৱাত কৰ্তব্যৰত স্বাস্থ্য কৰ্মী আৰু চিকিৎসকসকলে গম পাই তেওঁক অক্সিজেন আদি দিয়াৰ ব্যৱস্থা কৰে যদিও সফল নহ’ল। নিয়তিৰ ওচৰত হাৰ মানি চিৰবিদায় ল’লে ২১ বছৰীয়া যুৱক সঞ্জয় খাকলাৰীয়ে। অৱশ্যে ১৬ জুনত লোৱা সঞ্জয় খাকলাৰীৰ স্বাৱ টেষ্টৰ ৰিজাল্ট আজি পুৱা পজিটিভ অহাত তেওঁ কোভিড-১৯ত আক্ৰান্ত হয় বুলি প্ৰশাসন নিশ্চিত হয়।  আজি দুপৰীয়া  যুৱকজনৰ ডকমকা থানা এলেকাৰ নিজা গাঁও লাংহিনৰ বেলতলাত  মৃতদেহ সৎকাৰ কৰা হ’ব বুলি প্ৰশাসনে জনাইছে।  আনহাতে, মৃত যুৱকজনৰ নিজা গাঁৱৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি যুৱকজনৰ কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক ৰাজেশন টেৰণ,  জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া,  কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ইএম খনছিং ৰংপিৰ উপস্থিতিত বেলতলা গাঁৱৰ ৰাজহুৱা শ্মশানত সম্পূৰ্ণ কোভিড- ১৯ৰ প্ৰট’কল মতে সৎকাৰ কৰে। এইলৈ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই লাংহিন বেলতলাৰ স্থানীয় ৰাইজৰ সহযোগিতা কৰাৰ বাবে আৰু  সৎকাৰত উপস্থিত থকা বিষয়া-কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে অৰুণ কাকতি নামৰ বকলীয়াঘাটৰ এগৰাকী লোকৰ ৮ জুনত ডিফুত কোৰোনাত মৃত্যু হৈছিল। উৰাজাহাজেৰে কোৰোনা আক্ৰান্ত যুৱকজন কেনেকৈ আহিল, তাক লৈ এতিয়া প্ৰশ্ন হৈছে। কাৰণ বিমানবন্দৰত সোমোৱাৰ পূৰ্বে সকলো পৰীক্ষা কৰাৰ পিছতো হোৱা এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *