Home Main Stories কোৰোনাই পুনৰ জীৱন-জীৱিকালৈ নমাই আনিছে প্ৰত্যাহবান: এপ্ৰিলতেই ৭৩.৫ লাখ লোকে হেৰুৱালে কৰ্মংস্থাপন

কোৰোনাই পুনৰ জীৱন-জীৱিকালৈ নমাই আনিছে প্ৰত্যাহবান: এপ্ৰিলতেই ৭৩.৫ লাখ লোকে হেৰুৱালে কৰ্মংস্থাপন

25
0

নতুন দিল্লী, ৬ এপ্ৰিল  :  কোৰোনা মহামাৰীৰ দ্বিতীয়টো লহৰে পুনৰ দেশবাসীৰ জীৱন-জীৱিকালৈ নমাই আনিছে প্ৰত্যাহবান। কোৰোনাৰ প্ৰথমটো লহৰৰ পৰা সাময়িক পৰিত্ৰাণ পাই দেশবাসীয়ে স্বস্তিৰ নিশ্বাস লোৱাৰ সময়তে দেখা দিয়া দ্বিতীয়টো কোৰোনা লহৰে পুনৰ দেশবাসীলৈ ভয়ংকৰ প্ৰত্যাহবান কঢ়িয়াই আনিছে। পুনৰ এমুঠি অন্নৰ বাবে দৰিদ্ৰ লোকসকলে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আনফালে পুনৰ বহু লোকে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে। প্ৰথমটো লহৰৰ পিছত কৰ্মসংস্থাপনৰ এটা পথ যোগাৰ কৰিবলৈ সক্ষম হৈছিলহে মাথোঁ, এনে সময়তেই দেশবাসীলৈ প্ৰত্যাহবান ৰূপে থিয় দিয়া কোৰোনাৰ দ্বিতীয়টো লহৰে এমাহতেই ৭৩ লাখ ৫০ হাজাৰ লোকক কৰ্মহীন কৰি তুলিলে। কিয়নো, ৰাজধানী দিল্লীকে ধৰি মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ওড়িশা আদি ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে। যাৰ বাবে পুনৰ এবাৰ কাম-কাজ স্তব্ধ হৈ পৰিছে। প্ৰবাসী শ্ৰমিকসকলে পুনৰ নিজ ঘৰলৈ ওভতনি যাত্ৰা আৰম্ভ কৰিছে।

 কৰ্ম হেৰুৱাই পুনৰ গাঁৱলৈ উভতি যোৱাৰ ফলত এতিয়া প্ৰবাসী শ্ৰমিকসকল আৰ্থিক সংকটৰ মুখামুখি হৈছে। প্ৰথমটো কোৰোনাৰ লহৰৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে আৰ্থিক পেকেজ ঘোষণা কৰিছিল যদিও দ্বিতীয়টো লহৰৰ সময়ছোৱাত এতিয়ালৈ কোনোধৰণৰ আৰ্থিক পেকেজ ঘোষণা কৰা নাই। ভাৰতৰ অৰ্থব্যৱস্থা টনকিয়াল নোহোৱাৰ বাবেই চৰকাৰে আৰ্থিক পেকেজ ঘোষণাৰ সাহস গোটাব পৰা নাই। আনফালে কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশজুৰি লকডাউন ঘোষণাৰো সাহস গোটাব পৰা নাই। যাৰ বাবে এইবাৰ লকডাউন ঘোষণাৰ দায়িত্বসমূহ ৰাজ্য চৰকাৰসমূহলৈ ঠেলি দিয়া হৈছে। প্ৰথমটো লকডাউনৰ সময়ছোৱাত ভাৰতে ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত ভাৰতৰ অৰ্থব্যৱস্থা কিছু স্থিৰ অৱস্থালৈ ঘূৰি আহিছিল যদিও কোৰোনাৰ দ্বিতীয়টো লহৰে পুনৰ এবাৰ দেশৰ অৰ্থব্যৱস্থাত আঘাত হানিছে। খোদ ৰিজাৰ্ভ বেংকেই প্ৰকাশ কৰিছে যে দেশৰ অৰ্থব্যৱস্থাত আঘাত হানিছে কোৰোনাৰ দ্বিতীয়টো লহৰে।

 উল্লেখ্য যে কোৰোনাৰ দ্বিতীয়টো লহৰে দেশৰ অৰ্থব্যৱস্থাত আঘাত হনাৰ সমান্তৰালকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ জীৱনলৈও প্ৰত্যাহবান কঢ়িয়াই আনিছে। কোৰোনাৰ দ্বিতীয়টো লহৰৰ ফলত পুনৰ দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত দেশজুৰি প্ৰায় ১ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে। দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া পুনৰ নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। অসমতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে। বহিঃৰাজ্যত কৰ্মৰত লোকসকলে কৰ্মসংস্থাপন হেৰুৱাই অসমলৈ উভতি আহিছে আৰু কৰ্মৰ সন্ধানত এতিয়া হাবাথুৰি খাবলগীয়া হৈছে। একেদৰে আজিৰে পৰা দিনৰ ২ বজাৰ পৰা দোকান-পোহাৰ বন্ধ ঘোষণা কৰাৰ পিছত এতিয়া পদপথৰ ব্যৱসায়ী আৰু ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকল কৰ্ম হেৰুওৱাৰ ভয়ত শংকাত ভুগিছে। আনহাতে পদপথৰ ব্যৱসায়ীসকল ব্যাপক লোকচানৰ সন্মুখীন হোৱাই নহয়, এই কৰ্মপথ ত্যাগ কৰিবলগীয়া হোৱাৰ শংকাতো ভুগিবলগীয়া হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here