Friday , September 25 2020
শেহতীয়া খবৰ

কোৰোনাই প্ৰৱেশ কৰিলে ৰাজভৱনতঃ উপায়ুক্তৰ কাৰ্যালয়ত দুই বিষয়াৰ দেহত কোৰোনা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জুলাই ঃ মাৰাত্মক কোৰোনা ভাইৰাছে গুৱাহাটী মহানগৰীত গণসংক্ৰমণৰ ৰূপ লৈছে। দৈনিক বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক, আৰক্ষীৰ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ এই মাৰাত্মক ভাইৰাছে প্ৰৱেশ কৰিলে ৰাজভৱনত। ৰাজভৱনৰ দুজন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। হৰিচৰণ দত্ত আৰু ছাইদুৰ ৰহমান কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে ৰাজভৱনত হাহাকাৰ লাগিছে। আজি ৰাজভৱন সম্পূৰ্ণৰূপে ছেনিটাইজ কৰা হয়। লগতে ৰাজভৱন এলেকা কেণ্টইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়। একেদৰে গুৱাহাটী মহানগৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াও কোৰোনাত আক্ৰান্ত হৈছে। মহানগৰৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ আৰু কামৰূপ মহানগৰ জিলাৰ তথ্য-জনসংযোগ বিষয়া ৰতন খাউণ্ড কোৰোনাত আক্ৰান্ত হৈছে। সম্প্ৰতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে। দুদিন ধৰি উপায়ুক্তৰ কাৰ্যালয়ত দুই বিষয়া সামান্য জ্বৰত ভুগিছিল। উজান বজাৰত থকা চেণ্টাৰত স্বাব পৰীক্ষা কৰিছিল আৰু স্বাবৰ নমুনা পজিটিভ আহিছে। উপায়ুক্তৰ কাৰ্যালয়ৰ দুজন বিষয়া কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা কোৰোনাত আক্ৰান্ত হৈছে। মন কৰিবলগীয়া যে মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পোৱা কোৰোনা আক্ৰান্তক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ। আজি স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাই সাংবাদিকৰ আগত কয় যে গুৱাহাটীত এতিয়ালৈকে আঢ়ৈশ বিছনা খালী হৈ আছে। একেদৰে ব্যক্তিগত চিকিৎসালয়তো নিজৰ খৰচত কোৰোনাৰ চিকিৎসা কৰিব পাৰিব। আজি দিনৰ ভাগত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পীযূষ হাজৰিকাক লগত লৈ খানাপাৰা খেলপথাৰত নতুনকৈ স্থাপন কৰা ক’ভিড কেয়াৰ চিকিৎসালয় ভ্ৰমণ কৰি যাৱতীয় পৰিস্থিতিৰ বুজ লয়। চিকিৎসকসকলক সকলো সময়তে সময়মতে সজাগ হৈ থকাৰ লগতে যাৱতীয় সতৰ্কতাৰে সেৱা আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়ায় ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে কালি ৩৬৫জন কোৰোনা ৰোগী চিনাক্ত হৈছে। ইয়াৰে গুৱাহাটী মহানগৰীৰ ১৩৪জন। বৰ্তমান অসমত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৯,৭৯৯। আৰোগ্য হৈছে ৬,৩২৭। বৰ্তমান ৩,৪৫৫ ৰোগী চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *