Sunday , September 20 2020
শেহতীয়া খবৰ

কোৰোনাত আক্ৰান্ত অসমৰ প্ৰথমজন ৰোগীৰ মৃত্যু

হাইলাকান্দিৰ ধৰ্মীয় পৰম্পৰাৰ জানাজা সম্পন্ন

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ মাৰাত্মক কোৰোনা ভাইৰাছত আক্ৰান্ত অসমৰ প্ৰথমজন ৰোগীৰ মৃত্যু হয়। হাইলাকান্দিৰ বৰজোৰাই গাঁৱাত ফাইজুল হক বৰভূঞা (৬৫)ই আজি পুৱতি নিশা ১.৫৫ বজাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যুবৰণ কৰে। সম্পূৰ্ণ ইছলাম ধৰ্মীয় পৰম্পৰা অনুযায়ী আজি হাইলাকান্দিৰ ৰাখাল বস্তিত তেওঁৰ জানাজা সম্পূৰ্ণ কৰা হয়। মাৰাত্মক কোৰোনা ভাইৰাছৰ বাবে প্ৰশাসনৰ উপস্থিতিত পৌৰসভাৰ কৰ্মী আৰু কেইজনমান আত্মীয়ৰ সহযোগত জানাজা সম্পন্ন কৰা হয়।

উল্লেখ্য যে হাইলাকান্দিৰ ফাইজুল হক বৰভূঞাই তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে ১৭ জনীয়া দল এটাই পৱিত্ৰ উম্ৰা হজৰ বাবে চৌদি আৰবলৈ গৈছিল। হজ সম্পাদন কৰি ফাইজুল হক বৰভূঞাই মুম্বাই, দিল্লী হৈ হাইলাকান্দিত উপস্থিত হৈছিল। আনকি বৰভূঞাই নিজামুদ্দিনৰ তবলিকি জমাতত অংশগ্ৰহণ কৰিছিল। যোৱা ১৬ মাৰ্চত ৰে’ল যোগে হাইলাকান্দিত উপস্থিত হৈছিল বৰভূঞা। ঘৰত উপস্থিত হোৱাৰ পিছতেই কাহ-জ্বৰত আক্ৰান্ত হৈছিল। চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও সুস্থ হোৱা নাছিল। পিছত ১ এপ্ৰিলত ফাইজুল হক বৰভূঞাৰ নমুনা সংগ্ৰহ কৰা হয়।

যোৱা ৭এপ্ৰিলত ফাইজুল হক বৰভূঞা মাৰাত্মক কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত। লগে লগে বৰভূঞাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত ভৰ্তি কৰা হয়। লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকলক কোৱাৰেনটাইন কৰা হয়। যোৱাকালি ফাইজুল হক বৰভূঞাৰ স্বাস্থ্যৰ অৱনতি ঘটে। শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হয়। স্বাস্থ্যৰ অৱনতি ঘটাত বৰভূঞাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ আইচিইউত ভৰ্তি কৰা হয়। মাজনিশা ১.৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰভূঞাই। আজি পৰিয়ালৰ লোকে কোৱাৰেনটাইনৰ পৰাই বৰভূঞাক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আজি পুৱাৰ ভাগত পৌৰকৰ্মীয়ে কৱৰস্থানত জানাজা সম্পন্ন কৰে।

আনহাতে পৌৰকৰ্মীসকলক লৈ আজি হাইলাকান্দিত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। জনাজা সম্পূৰ্ণ কৰা পৌৰকৰ্মীক কোৱাৰেনটাইনত ৰখাৰ দাবী উত্থাপন কৰে একাংশই। পিছত আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইপিনে অসমত কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ইতিমধ্যে ২৯জনলৈ বৃদ্ধি পাইছে। কালি জামালুদ্দিন হাজিৰ সৈতে সংস্পৰ্শত থকা ধুবুৰীৰ ৰহিম উদ্দিন কোৰোনাত আক্ৰান্ত হয়। কোৰোনাত আক্ৰান্ত ৰহিম উদ্দিনক এমএমচি হাস্পাতাললৈ অনা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *