Friday , September 25 2020
শেহতীয়া খবৰ

কোৰোনাত আক্ৰান্ত হৈ তৃণমূল কংগ্ৰেছৰ তিনিবাৰৰ বিধায়কৰ মৃত্যু

নতুন দিল্লী, ২০ জুন ঃ  কোৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক তমোনাশ ঘোষৰ আজি মৃত্যু হৈছে। প্ৰাপ্ত খবৰ অনুসৰি বিধায়কগৰাকী মে’ মাহতে কোৰোনাত আক্ৰান্ত হৈছিল। আজি বিধায়কগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ। বিধায়কগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰীয়ে এটা টুইটৰ জৰিয়তে কয়– ‘এই খবৰ বহুত দুখ লগা। ফাল্টা সমষ্টিক তিনিবাৰৰ বিধায়ক তথা আমাৰ দলৰ কোষাধ্যক্ষ তমোনাশ ঘোষে আজি আমাক এৰি থৈ যায়।’ সুদীৰ্ঘ ৩৫ বছৰ কাল ধৰি তেওঁ তৃণমূল কংগ্ৰেছ আৰু সাধাৰণ জনতাৰ বাবে নিষ্ঠা সহকাৰে কাম কৰিছিল আৰু তেওঁৰ খালী হোৱা স্থান পূৰণ কৰা কঠিন হ’ব বুলিও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা টুইট কৰি প্ৰয়াত বিধায়কগৰাকীৰ পত্নী, দুগৰাকী কন্যা, বন্ধু তথা শুভাকাংক্ষীসকলক দলৰ হৈ সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *