Home Main Stories কোৰোনাত প্ৰাণ হেৰুৱালে সাংবাদিক মনোজ কলিতাই

কোৰোনাত প্ৰাণ হেৰুৱালে সাংবাদিক মনোজ কলিতাই

24
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ মে’ : কোৰোনা মহামাৰীয়ে দেশত ভয়াৱহতাৰ সৃষ্টি কৰি তুলিছে। দেশৰ লগতে অসমতো কোৰোনাৰ দ্বিতীয়টো লহৰে অমানিশা কঢ়িয়াই আনিছে। প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। কোৰোনাৰ দ্বিতীয়টো লহৰত ৰাজ্যৰ কেইবাজনো সাংবাদিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ৰাজ্যত কোৰোনাত প্ৰাণ হেৰুওৱা সাংবাদিকৰ তালিকা আৰু এগৰাকী সাংবাদিকৰ নাম অন্তৰ্ভুক্ত হৈছে। সেইগৰাকী সাংবাদিক হৈছে নিউজ-১৮ৰ মনোজ কলিতা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ থকা এইগৰাকী সাংবাদিকে আজি কোৰোনাৰ ওচৰত হাৰ মানিলে। যোৱা বুধবাৰে মনোজ কলিতাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল। অক্সিজেনৰ মাত্ৰা কমি যোৱাত তেওঁক আই চি উইত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শুকুৰবাৰে জি এম চি এইচতেই সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। এইগৰাকী সাংবাদিকৰ মৃত্যুত ৰাজ্যৰ সাংবাদিক সংগঠনসমূহৰ লগতে আন সংগঠনসমূহে গভীৰ শোক প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here