Home Main Stories কোৰোনাৰ তৃতীয়টো লহৰৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ

কোৰোনাৰ তৃতীয়টো লহৰৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ

132
0

দিল্লীৰ স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণৰূপে বিধবস্ত  :  দিল্লী উচ্চ ন্যায়ালয়

নতুন দিল্লী, ৬ মে’:  দেশৰ চিকিৎসা বিজ্ঞানীসকলে সকীয়নি প্ৰদান কৰি কৈছে যে ভাৰতত দেখা দিব কোৰোনাৰ তৃতীয়টো লহৰ। যি সময়ত ভাৰতে কোৰোনাৰ দ্বিতীয়টো লহৰৰ সৈতে যুঁজ দি আছে, সেই সময়ত চিকিৎসা বিজ্ঞানীসকলে দেশত তৃতীয়টো লহৰেও দেখা দিব বুলি কৰা দাবীয়ে এতিয়া তাৎপৰ্য বহন কৰিছে। চিকিৎসা বিজ্ঞানীসকলৰ এই সকীয়নিৰ পিছতেই উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কোৰোনাৰ তৃতীয়টো লহৰৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কেন্দ্ৰক কোৰোনাৰ তৃতীয়টো লহৰৰ বাবে সাজু থাকিবলৈ জোৰ দিয়ে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে কয় যে এতিয়াৰে পৰাই যদি সাজু হোৱা যায়, তেন্তে কোৰোনাৰ তৃতীয়টো লহৰৰ বিৰুদ্ধে যুঁজাত সহায় হ’ব। বৈজ্ঞানিকসকলে সকীয়নি প্ৰদান কৰি কৈছে যে তৃতীয়টো লহৰত শিশুসকল প্ৰভাৱিত হ’ব। এই বিচাৰপীঠে কয় যে তৃতীয়টো লহৰৰ বাবে সাজু থকাৰ ক্ষেত্ৰত শিশুসকলক ভেকচিন প্ৰদানৰ বিষয়টো অন্তৰ্ভুক্ত হৈ আছে।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে আমাৰ লগত বৰ্তমান ১.৫ লাখ ডাক্তৰ আছে। যিসকলে মেডিকেল শিক্ষা সম্পূৰ্ণ কৰিছে আৰু নীট পৰীক্ষাৰ বাবে অপেক্ষাৰত হৈ আছে। এইসকলকো কেনেদৰে চিকিৎসাৰ কামত ল’ব পৰা যায় তাৰ বাবে ৰণনীতি তৈয়াৰ কৰিবলৈও কেন্দ্ৰক কোৱা হয়। তেওঁ কয় যে ১.৫ লাখ ডাক্তৰ আৰু ২.৫ লাখ নাৰ্ছ ঘৰতেই বহি আছে। এইসকলে কোৰোনাৰ তৃতীয়টো লহৰত মূল ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে ন্যায়াধীশগৰাকীয়ে। আনহাতে দিল্লীৰ স্বাস্থ্যখণ্ডক লৈ আজি দিল্লী উচ্চ ন্যায়ালয়ে কয় যে ৰাজধানী দিল্লীৰ স্বাস্থ্যখণ্ড বিধবস্ত। অক্সিজেন, ভেণ্টিলেটৰ আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীসকলে। এই বিষয়সমূহক লৈ আজি দিল্লীৰ উচ্চ ন্যায়ালয়ে এক শুনানিত উপৰিউক্ত বক্তব্য উল্লেখ কৰে আৰু অৰবিন্দ কেজৰিৱাল চৰকাৰক সমালোচনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here