Thursday , August 13 2020
শেহতীয়া খবৰ

কোৰোনাৰ সৈতে যুদ্ধ কৰাৰ বাবে সাজু ভাৰতীয় সেনা

দৈনিক গণঅধিকাৰঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা ভাইৰাছৰ সৈতে যুদ্ধ কৰাৰ বাবে ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে। ভাৰতীয় সেনাৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশত ‘নমস্তে’ নামেৰে ভাৰতীয় সেনাই অভিযান চলোৱাৰ বাবে সাজু হৈ পৰিছে। সেনাৰ মুখ্য বিষয়া এম এন নৰোৱে আজি এই কথা সদৰী কৰে। বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোৰোনা ভাইৰাছৰ সৈতে যুদ্ধ কৰাৰ বাবে সেনাই কমেও ৮টা কুৱাৰাণ্টাইন কেন্দ্ৰ স্থাপন কৰে।

নমস্তে নামেৰে অভিযান চলোৱাৰ কথা সদৰী কৰি সেনাৰ মুখ্য বিষয়া এম এন নৰোৱে কয় যে উক্ত মাৰাত্মক মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়োৱাটো কৰ্তব্য। বিষয়াগৰাকীয়ে এই বুলিও প্ৰকাশ কৰে যে সেনাই পূৰ্বে চলোৱা সকলো অভিযানত সফলতা লাভ কৰিছে। একেদৰে নমস্তে নামেৰে চলাবলৈ সাজু হোৱা অভিযানতো সেনাই সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সেনাৰ মুখ্য বিষয়াগৰাকীয়ে। বিষয়াগৰাকীয়ে এই বুলিও প্ৰকাশ কৰে যে সেনাৰ সকলো কেডাৰক সুৰক্ষিত কৰি ৰখাটো তেওঁৰ কৰ্তব্য।

সেনাৰ প্ৰতিগৰাকী জোৱানক সুৰক্ষিত কৰি ৰখাৰ উপৰি দেশবাসীক সেৱা আগবঢ়োৱাটো তেওঁৰ কৰ্তব্য বুলি উল্লেখ কৰি চৰকাৰৰ সৈতে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সাজু। বিষয়াগৰাকীয়ে কোৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ত সেনাৰ জোৱানক ছুটীৰ পৰা আঁতৰি থাকিবলৈ আহবান জনায়। অৰ্থাৎ এই সময়ত সেনাৰ জোৱানে বা বিষয়াই ৰাইজক সেৱা আগবঢ়োৱাৰ উত্তম সময়, এই সময়ত ৰাইজক সেৱা নকৰি ঘৰত বহি থকাৰ বাবে ছুটী লোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ছুটী বাতিল কৰে। উল্লেখ্য যে কোৰোনা ভাইৰাছৰ ফলত দেশত নিহতৰ সংখ্যা ২০জনলৈ বৃদ্ধি হয়।

ইয়াৰ উপৰি কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭২৪জনলৈ বৃদ্ধি হয়। কোৰোনা ভাইৰাছত আক্ৰান্ত লোকক তথা দেশবাসীক সকাহ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন আঁচনি লোৱা হ’ব বুলি ঘোষণা কৰাৰ সময়তে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে আজি প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত ছোনিয়াই উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ বাবে বিশেষ পেকেজ ঘোষণা কৰা প্ৰয়োজন। দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আৰ্থিক অনুদানেৰে সকাহ দিয়াৰ প্ৰয়োজন বুলি দোহাৰে ছোনিয়াই। ইপিনে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক বিশেষ পেকেজ ঘোষণা কৰা পৰিলক্ষিত হয়।

বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৮০ কোটি লোকক একোজন ব্যক্তিৰ বিপৰীতে পাঁচ কিলোগ্ৰাম চাউল আৰু ঘেঁহু দিয়া হ’ব। বিনামূলীয়াকৈ উক্ত যোজনাৰ আধাৰত প্ৰতিগৰাকী ব্যক্তিক আগন্তুক তিনিমাহলৈ উক্ত খাদ্য-সামগ্ৰী যোগান ধৰা বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কৃষকৰ বাবে আন এক সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। তেওঁ প্ৰকাশ কৰা অনুসৰি ৮.৬ কোটি কৃষকক ডাইৰেক্ট বেনিফিট দিয়া হ’ব। প্ৰতিগৰাকী কৃষকক এপ্ৰিলৰ প্ৰথম সপ্তাহত বেংক একাউণ্টৰ জৰিয়তে ২০০০ টকাকৈ আগবঢ়োৱা হ’ব। ইয়াৰ ফলত ৮০ কোটি ৭০ লাখ কৃষক উপকৃত হ’ব। বৃদ্ধ, বিধৱা আৰু শাৰীৰিকভাৱে সক্ষম লোকক এহেজাৰকৈ অতিৰিক্ত ধন দিয়া হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। উজলা যোজনাৰ অধীনত আঠ কোটি মহিলাক তিনি মাহৰ বাবে বিনামূলীয়াকৈ এল পি জি যোগান ধৰা হ’ব বুলি ঘোষণা কৰে।

ইয়াৰোপৰি চিকিৎসা সেৱা জগতত যিসকল লোকে কাম কৰি আছে সেইসকলক ৫০ লাখ টকাৰ লাইফ ইঞ্চুৰেন্স দিয়াৰ বাবে ঘোষণা কৰে। বিMমন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদমেলৰ আয়োজন কৰি ঘোষণা কৰে যে লক ডাউন প্ৰক্ৰিয়া ৪৮ ঘণ্টা অতিক্ৰম কৰে। দুখীয়া লোকক সহায়ৰ হেতু চৰকাৰে বিশেষ আঁচনি যুগুত কৰা বুলি তেওঁ উল্লেখ কৰে। বিMমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ১,৭০,০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে উক্ত আঁচনিৰ অধীনত কোনো লোক বাদ নপৰে। দেশৰ কোনোগৰাকী লোক অন্নৰ তাড়নাত থাকিবলগীয়া নহয়। দুখীয়াৰ হকে চৰকাৰে সদাই কাম কৰি যাব। ইয়াৰোপৰি কোৰোনাৰ সৈতে কাম কৰি থকা কৰ্মীক মেডিকেল বীমা দিয়া হ’ব বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। দেশৰ ৮০ কোটি লোকক অন্ন যোগান ধৰা হ’ব বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।

বিত্ত মন্ত্ৰীগৰাকীৰ এনে ঘোষণাৰ পিছতে একাংশৰ মাজত প্ৰশ্ন উদয় হৈছে যে এই আঁচনিৰ অধীনত ভাৰতীয় সকলো নাগৰিক উপলব্ধ হ’বনে নহয়। কিয়নো ভাৰতৰ এতিয়াও আন একাংশ লোক উজলা যোজনাকে ধৰি আন আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই। অথচ সেইসকল মহিলা বা পুৰুষ সম্পূৰ্ণৰূপে আঁচনিৰ অধীনত আহিবলগীয়া। পাছে ৰাজনীতিৰ মেৰপেঁচত তেওঁলোক আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা বাদ পৰি আছে। ইপিনে লক ডাউনৰ ফলত সেইসকল লোক ভীষণ সমস্যাত পৰিছে।

চৰকাৰে আঁচনি ঘোষণা কৰিছে যদিও এইবাৰো তেওঁলোক এই আঁচনিৰ পৰা বাদ পৰাৰ শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে। এফালে কোৰোনা ভাইৰাছৰ আতংক, আনফালে অন্নৰ তাড়নাত দিন কটাবলগীয়া হৈছে দেশৰ জনসাধাৰণে।

Leave a Reply

Your email address will not be published. Required fields are marked *