শেহতীয়া খবৰ
A pharmacy tech pours out pills of Hydroxychloroquine at Rock Canyon Pharmacy in Provo, Utah, on May 20, 2020. - US President Donald Trump announced May 18 he has been taking hydroxychloroquine for almost two weeks as a preventative measure against COVID-19. (Photo by GEORGE FREY / AFP) (Photo by GEORGE FREY/AFP via Getty Images)

কোৰোনা চিকিৎসাক হাইড্ৰক্সিক্লৰ’কুইন প্ৰয়োগ স্থানত মৃত্যুৰ হাৰ সৰ্বাধিক

হাইড্ৰক্সিক্লৰ’কুইন ব্যৱহাৰত মৃত্যুৰ হাৰ ১৮ শতাংশ, ক্লৰ’কুইন ব্যৱহাৰৰ মৃত্যুৰ হাৰ ১৬.৪ শতাংশ আৰু এই দুয়োবিধ ঔষধ ব্যৱহাৰ নকৰাৰ মৃত্যুৰ হাৰ ৯ শতাংশ

নতুন দিল্লীঃ কোৰোনা ভাইৰাছ চিকিৎসাৰ নামত যিসমূহ স্থান অথবা হাস্পাতালত ৰোগীৰ ওপৰত মেলেৰিয়া ঔষধ হাইড্ৰক্সিক্ল’ৰকুইন ব্যৱহাৰ কৰা হৈছে সেই সমূহত মৃত্যুৰ হাৰ সৰ্বাধিক। অৰ্থাৎ কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা নাই হাইড্ৰক্সিক্ল’ৰকুইনৰ। বিজ্ঞান আলোচনী লান্সচেতে চলোৱা এক অধ্যয়ণ অনুসৰি কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে যিসকল ৰোগীক হাইড্ৰক্সিক্ল’ৰকুইন দিয়া হৈছে সেই সমূহ স্থান তথা হাস্পাতালত মৃত্যুৰ হাৰ সৰ্বাধিক। হাইড্ৰক্সিক্ল’ৰকুইন কোৰোনা ভাইৰাছ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা স্থানসমূহত মৃত্যুৰ হাৰ ১৮ শতাংশ। আনহাতে ক্ল’ৰকুইন ব্যৱহাৰ কৰা স্থানসমূহত মৃত্যুৰ হাৰ ১৬.৪ শতাংশ আৰু এইদুয়োবিধ ঔষধ ব্যৱহাৰ নকৰা স্থান সমূহত মৃত্যুৰ হাৰ ৯ শতাংশ। অৰ্থাৎ হাইড্ৰক্সিক্ল’ৰকুইন গ্ৰহণ কৰিয়ে বৃহৎ হাৰত কোৰোনা ৰোগীৰ প্ৰাণহানি হৈছে।

যিসময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে হাইড্ৰক্সিক্ল’ৰকুইন ব্যৱহাৰৰ দ্বাৰা কোৰোনা ৰোগীৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। তেনে সময়তে লান্সেতৰ এই অধ্যয়ণে আন এক উদ্যেগজনক তথ্য বিশ্ববাসীৰ আগত দাঙি ধৰিছে। এই অধ্যয়ণ অনুসৰি যিসমূহ স্থানত কোৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ অথবা চিকিৎসাৰ নামত হাইড্ৰক্সিক্ল’ৰকুইন ব্যৱহাৰ কৰা হৈছে, সেইসমূহত মৃত্যুৰ হাৰ সৰ্বাধিক। তেওঁলোকৰ অধ্যয়ণ অনুসৰি মেলেৰিয়াৰ প্ৰতিশেধক হাইড্ৰক্সিক্ল’ৰকুইন কোৰোনা সংক্ৰমণ ৰোধ কৰিব নোৱাৰে অথবা চিকিৎসাত ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য নহয়। ইয়াৰ পৰা কোনো ফলাফল পোৱা নাযায় বুলিয়ো উল্লেখ কৰিছে আলোচনীখনে। উল্লেখ্য যে হাইড্ৰক্সিক্ল’ৰকুইন বিশ্বৰ সৰ্বাধিক মাত্ৰাত উৎপাদনকাৰী দেশ হৈছে ভাৰত।

ভাৰতে মাৰ্চ মাহত হাইড্ৰক্সিক্ল’ৰকুইন ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতলৈ আহবান জনাইছিল যে তেওঁলোকে আমেৰিকালৈ ৰপ্তানি কৰক হাইড্ৰক্সিক্ল’ৰকুইন। ট্ৰাম্পৰ সেই আহবানৰ প্ৰতি সঁহাৰি জনায় ভাৰতে পুনৰাই হাইড্ৰক্সিক্ল’ৰকুইন ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ কৰে। ভাৰতে আমেৰিকাৰ লগতে বিশ্বৰ আন কেইবাখনো ৰাষ্ট্ৰত হাইড্ৰক্সিক্ল’ৰকুইন ৰপ্তানি কৰিছে। উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চলিত সপ্তাহতে প্ৰকাশ কৰিছিল যে তেওঁলোকৰ কোৰোনা ৰোগীসকলে হাইড্ৰক্সিক্ল’ৰকুইন সেৱন কৰি আছে। কিন্তু আমেৰিকাৰ স্বাস্থ্য বিভাগৰ একাংশই উল্লেখ কৰিছে যে হাইড্ৰক্সিক্ল’ৰকুইন ব্যৱহাৰ কৰাৰ ফলত হৃদৰোগৰ সমস্যা বৃদ্ধি পাইছে। লান্সেচেটে চলোৱা অধ্যয়ণত তেওঁলোকে কোৰোনা ভাইৰাছত সংক্ৰমিত ৯৬ হাজাৰ ৰোগীৰ ওপৰত বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰিবলৈ দিয়া হৈছিল।

ইয়াৰে ১৫ হাজাৰ ৰোগীক হাইড্ৰক্সিক্ল’ৰকুইন দিয়াৰ বিপৰীতে আন সমপৰ্যায়ৰ ৰোগীক ক্ল’ৰকুইন ঔষধ দিয়া হৈছিল। লগতে আন কিছুসংখ্যক এন্টিবাইটিকহে অথবা কিছু কোনো ধৰণৰ ঔষধ দিয়া হোৱা নাছিল। এই অধ্যয়ণতে পোহৰলৈ আহিছে হাইড্ৰক্সিক্ল’ৰকুইন ঔষধ লোৱা ৰোগীৰ মৃত্যুৰ হাৰ সৰ্বাধিক। যিসকলে হাইড্ৰক্সিক্ল’ৰকুইন অথবা ক্ল’ৰকুইন ঔষধ সেৱন কৰা নাছিল সেইসকলৰ মৃত্যুৰ হাৰ বহু কম। উল্লেখ্য যে কোৰোনা চিকিৎসাৰ বাবে হাইড্ৰক্সিক্ল’ৰকুইন ফলদায়ক হয়নে নহয় তাৰ বাবে এক অধ্যয়ণ চলোৱা হ’ব। এই অধ্যয়ণত ইউৰোপ, এছিয়া, আফ্ৰিকা, দক্ষিণ আমেৰিকাৰ ৪০ হাজাৰতকৈ অধিক স্বাস্থ্যকৰ্মীক ট্ৰায়ল ৰূপে হাইড্ৰক্সিক্ল’ৰকুইন দিয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *