শেহতীয়া খবৰ

কোৰোনা ভাইৰাছঃ উইপ্ৰ কোম্পেনীৰ মুখ্য আজিম প্ৰেমজিয়ে আগবঢ়ালে ৫০ হাজাৰ কোটি টকা

কোৰোনা ভাইৰাছৰ ফলত সমগ্ৰ দেশত নানা দিশত সংকটে দেখা দিয়ে। এনে সময়তে দেশৰ অন্যতম সংস্থা উইপ্ৰোৰ মুখ্যগৰাকীয়ে ৫০ হাজাৰ কোটি টকা সহাই হিচাপে আগবঢ়োৱা বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলে। উক্ত আলোচনাক লৈ বিষয়াগৰাকীৰ সৈতে বাৰ্তালাপ হোৱাত তেওঁ প্ৰকাশ কৰে যে উক্ত পৰিমাণৰ ধন ২০১৯ চনতে দেশক আগবঢ়োৱা বুলি উল্লেখ কৰিছে।

দৰাচলতে উক্ত পৰিমাণৰ ধন দেশৰ ভাল কামত ব্যৱহাৰ কৰাৰ বাবে আগবঢ়োৱা বুলি উল্লেখ কৰা হৈছিল। সেয়েহে উক্ত পৰিমাণৰ ধন বৰ্তমান সময়ত দেশত বহু প্ৰয়োজন হৈ পৰিছে। এতিয়া দেশত কোৰোনা ভাইৰাছৰ ফলত সংকটে দেখা দিছে। এনে সময়ত সেই ধন দেশত ব্যৱহাৰ কৰিলে জনসাধাৰণ উপকৃত হ’ব। কম্পেনীটোৰ মুখ্য আজিম প্ৰেমজীয়ে পুনৰ প্ৰকাশ কৰে যে কোম্পেনীটোত ৩৪ শতাংশ ধন ভাল কামৰ বাবে দেশক আগবঢ়োৱাৰ কথা বিগত বৰ্ষতে ঘোষণা কৰা হৈছিল। সেয়েহে তেওঁ বৰ্তমান সময়ত উক্ত পৰিমাণৰ ধন আগবঢ়োৱা বুলি উল্লেখ কৰে।

উল্লেখ্য যে সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছত ২১ সহস্ৰাধিক লোকৰ মৃত্যু ঘটিছে। লক্ষ্যাধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ১৯জন লোকৰ মৃত্যু ঘটে। ৮৭৩জন লোক উক্ত ভাইৰাছত আক্ৰান্ত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনলৈ লক ডাউন ঘোষণা কৰে, ইপিনে উক্ত ভাইৰাছবিধক লৈ ভাৰতীয় সেনাও চিন্তিত হৈ পৰে।

ভাৰতীয় সেনাৰ মুৰববীগৰাকীয়ে ভাইৰাছবিধৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এক সূচী গ্ৰহণ কৰে। কোৰোনা ভাইৰাছৰ সৈতে যুদ্ধ কৰাৰ বাবে ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে। ভাৰতীয় সেনাৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশত ‘নমস্তে’ নামেৰে ভাৰতীয় সেনাই অভিযান চলোৱাৰ বাবে সাজু হৈ পৰিছে। সেনাৰ মুখ্য বিষয়া এম এন নৰোৱে আজি এই কথা সদৰী কৰে। বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোৰোনা ভাইৰাছৰ সৈতে যুদ্ধ কৰাৰ বাবে সেনাই কমেও ৮টা কুৱাণ্টাইন কেন্দ্ৰ স্থাপন কৰে।

‘নমস্তে’ নামেৰে অভিযান চলোৱাৰ কথা সদৰী কৰি সেনাৰ মুখ্য বিষয়া এম এন নৰোৱে কয় যে উক্ত মাৰাত্মক মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়োৱাটো কৰ্তব্য, বিষয়াগৰাকীয়ে এই বুলিও প্ৰকাশ কৰে যে সেনাই পূৰ্বে চলোৱা সকলো অভিযানত সফলতা লাভ কৰিছে। একেদৰে ‘নমস্তে’ নামেৰে চলাবলৈ সাজু হোৱা অভিযানতো সেনাই সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সেনাৰ মুখ্য বিষয়াগৰাকীয়ে। বিষয়াগৰাকীয়ে এই বুলিও প্ৰকাশ কৰে যে সেনাৰ সকলো কেদাৰক সুৰক্ষিত কৰি ৰখাটো তেওঁৰ কৰ্তব্য।

সেনাৰ প্ৰতিগৰাকী জোৱানক সুৰক্ষিত কৰি ৰখাৰ উপৰি দেশবাসীক সেৱা আগবঢ়োৱাটো তেওঁৰ কৰ্তব্য বুলি উল্লেখ কৰি চৰকাৰৰ সৈতে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সাজু। বিষয়াগৰাকীয়ে কোৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ত সেনাৰ জোৱানক ছুটীৰ পৰা আঁতৰি থাকিবলৈ আহবান জনায়। অৰ্থাৎ এই সময়ত সেনাৰ জোৱানে বা বিষয়াই ৰাইজক সেৱা আগবঢ়োৱাৰ উত্তম সময়, এই সময়ত ৰাইজক সেৱা নকৰি ঘৰত বহি থকাৰ বাবে ছুটী লোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ছুটী বাতিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *