Wednesday , September 23 2020
শেহতীয়া খবৰ

কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ওপৰত প্লা’জমা কৌশল প্ৰয়োগ কৰা হ’বঃ অৰবিন্দ কেজৰিৱাল

নতুন দিল্লীঃ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজ দি থকা ৰোগীসকলৰ ওপৰত প্লাজমা কৌশলৰ পৰীক্ষা প্ৰয়োগ কৰা হ’ব বুলি ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। তেওঁ কয় কোৰোনাত আক্ৰান্ত হৈ যিসকল ৰোগী জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে সেইসকলৰ ওপৰত চিকিৎসকে অহা ৩-৪ দিনৰ ভিতৰত প্লাজমা কৌশল চিকিৎসা পৰীক্ষণ ৰূপে প্ৰয়োগ কৰিব। যদিহে এই পৰীক্ষা সফল হয় কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীসকলৰ জীৱন বচোৱাটো সহজ হৈ পৰিব।

অৰ্থাৎ বহু কোৰোনা আক্ৰান্ত ৰোগী এই কৌশলৰ দ্বাৰা জীৱন বচাব পৰা যাব বুলি উল্লেখ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে প্লাজমা কৌশল কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠা ব্যক্তিৰ দেহৰ তেজ কভিড-১৯ ত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজ দি থকা ৰোগীৰ ওপৰত চিকিৎসাৰ বাবে প্ৰয়োগ কৰা হ’ব।

কেজৰিৱালে কালি প্ৰকাশ কৰে যে দিল্লী চৰকাৰে মঙলবাৰে কেন্দ্ৰৰ পৰা প্লাজমা কৌশল পৰীক্ষণৰ অনুমতি লাভ কৰিছে। কেৰালা আৰু মহাৰাষ্ট্ৰসহ অন্যান্য ৰাজ্যসমূহ এই কৌশল প্ৰয়োগ কৰিবলৈ আগবাঢ়ি অহাৰ সংকেট দি তেওঁ কয় দিল্লীয়ে এই প্ৰয়াসত সফলতা লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *