Sunday , September 20 2020
শেহতীয়া খবৰ

কোৰোনা ভাইৰাছত আক্ৰান্ত সমগ্ৰ বিশ্বত ৩৫০০০ জনৰ মৃত্যু

২৪ঘণ্টাত স্পেইনত ৮১২জন, ইৰানত ১১৭জন লোকৰ মৃত্যু

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্বৰ কেইবাখনো দেশ এতিয়া কোৰোনা ভাইৰাছৰ আতংকত কম্পমান হৈ পৰিছে। বিশেষকৈ আমেৰিকা, ইৰান, স্পেইন, ইটালি, ফ্ৰান্স আদি দেশসমূহত ভয়াৱহ ৰূপ ধাৰণ কৰি উঠিছে কোৰোনা ভাইৰাছে। এই দেশসমূহত কোৰোনা ভাইৰাছে এতিয়া মহামাৰী ৰূপ ধাৰণ কৰি উঠিছে। ফলস্বৰূপে দেশকেইখনৰ চৰকাৰ এতিয়া উপায়বিহীন হৈ পৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কোৰোনা ৰোধৰ বাবে ইৰান, স্পেইন, আমেৰিকাকে ধৰি দেশসমূহে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে যদিও চীনৰ পৰা বিশ্বজুৰি বিয়পি পৰা মাৰাত্মক ভাইৰাছ বিধ ৰোধ কৰাত সক্ষম হোৱা নাই।

ফলস্বৰূপে দেশকেইখনত মাৰাত্মক ভাইৰাছবিধে ভয়ংকৰ ৰূপ ধাৰণ কৰি উঠিছে। যোৱা ২৪ঘণ্টাত স্পেইনত ৮১২জন লোকৰ মৃত্যু ঘটিছে মাৰাত্মক কোৰোনা ভাইৰাছত। স্পেইনত কোৰোনা ভাইৰাছত মৃতকৰ সংখ্যা ৭,৩৪০ জনলৈ বৃদ্ধি পাইছে। আনহাতে আক্ৰান্তৰ সংখ্যা দেশখনত হৈছেগৈ ৮৫১৯৫জন। ইয়াৰ উপৰি ইৰানত যোৱা ২৪ঘণ্টাত ১১৭জন লোকৰ মৃত্যু ঘটিছে মাৰাত্মক ভাইৰাছবিধে। যাৰ ফলস্বৰূপে দেশখনত কোৰোনা ভাইৰাছত আক্ৰান্তত মৃত্যু ঘটা লোকৰ সংখ্যা ২৭৫৭জনলৈ বৃদ্ধি পাইছে।

আনহাতে আমেৰিকাতো এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰি উঠিছে কোৰোনা ভাইৰাছে। দেশখনত প্ৰতিদিনে কোৰোনাত আক্ৰান্তত মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। দেশখনত মৃত্যু ঘটা লোকৰ সংখ্যা ২৪৯০জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১,৪২,৭৯৩জন। আমেৰিকাত সৰ্বাধিক লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। যাৰ বাবে দেশখনৰ বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে যে অনাগত সময়ছোৱাত আমেৰিকাত কোৰোনা ভাইৰাছত এক-দুই লাখ লোক মৃত্যু ঘটিব পাৰে। যিহেতু দেশখনত অভাৱনীয় হাৰত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে যে কোৰোনা ভাইৰাছ ৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে। তেওঁ উল্লেখ কৰিছে যে কোৰোনা ভাইৰাছত আক্ৰান্ত ১১০০ জন ৰোগীক মেলেৰিয়া ঔষধ সেৱন কৰিবলৈ দিয়া হৈছে। মেলেৰিয়া ঔষধ সেৱনেৰে কোৰোনা আক্ৰান্তৰ ৰোগীসকল আৰোগ্য হৈ উঠিব পাৰে নে নাই সেইটো চোৱাৰ বাবে এনে ঔষধ সেৱন কৰিবলৈ দিয়া হৈছে বুলি উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে। উল্লেখ্য যে সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্তত মৃত্যু ঘটা লোকৰ সংখ্যা ৩৫,০০০ লৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭,৩৭,৫৭৭ জন। আনহাতে ১,৫৬,২৯৫ জন লোক কোৰোনাত আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে। প্ৰকাশিত তথ্য অনুসৰি বিশ্বজুৰি ২৮,৩১৯জন লোক সংকটজনক অৱস্থাত আছে। ইয়াৰে সৰ্বাধিক স্পেইনত ৫২৩১ জন, ফ্ৰান্সত ৪৬৩২জন, ইটালিত ৩,৯০৬ জন, ইৰানত ৩৫১১জন, আমেৰিকাত ২৯৭০জন লোক সংকটজনক অৱস্থাত আছে।

উল্লেখ্য যে ইটালিত ১০৭৭৯ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা দেশখনত হৈছেগৈ ৯৭৯৮৯জন। একেদৰে চীনত ৩,৩০৪ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ৮১৪৭০ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে জাৰ্মানীত ৪৫১জন, ইৰানত ২৭৫৭জন, ফ্ৰান্সত ২৬০৬জন, ইউনাইটেড কিং ডোমত ১২২৮ জন, ছুইজাৰলেণ্ডত ৩২৭জন, বেলজিয়ামত ৫১৩জন, নেডাৰলেণ্ডত ৮৬৪জন, দক্ষিণকোৰিয়াত ১৫৮জন, তুৰ্কীত ১৩১জন, অষ্ট্ৰিয়াত ১০৮জন, পৰ্তুগালত ১৪০ জন, কানাডাত ৬৫জন, ব্ৰাজিলত ১৩৯জন, ছুইডেনত ১৪৬জনকে ধৰি বিশ্বৰ আন দেশসমূহতো প্ৰতিদিনে মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *