Monday , August 10 2020
শেহতীয়া খবৰ

কোৰোনা ভাইৰাছ আমেৰিকাৰ চিৰিয়াখানাত বাঘৰ দেহত ধৰা পৰিল মাৰাত্মক কোৰোনা ভাইৰাছ

দেশৰ সকলো চিৰিয়াখানাত হাই এলাৰ্ট ঘোষণা

দৈনিক গণঅধিকাৰঃ যি সময়ত কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰি আতংকৰ সৃষ্টি কৰিছে তেনে সময়ছোৱাতেই এই মাৰাত্মক ভাইৰাছবিধ জন্তুৰ দেহলৈয়ো বিয়পি পৰাক লৈ সমগ্ৰ বিশ্বত আন এক আতংকময় পৰিৱেশে চানি ধৰিছে। আমেৰিকাৰ এখন চিৰিয়াখানত এটা বাঘৰ দেহত মাৰাত্মক কোৰোনা ভাইৰাছ ধৰা পৰাৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্বৰ চিৰিয়াখানা সমূহত হাই এলাৰ্ট ঘোষণা কৰা হৈছে।

আমেৰিকা কৃষি বিভাগত ৰাষ্ট্ৰীয় পশু চিকিৎসা প্ৰয়োগশালাই নিউৱৰ্কত ব্ৰোন্‌কচ চিৰিয়াখানাৰ এটা বাঘৰ দেহত মাৰাত্মক কোৰোনা ভাইৰাছ ধৰা পৰাৰ কথা প্ৰকাশ কৰে। ইয়াৰ পিছতে ভাৰতৰ কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণে সোমবাৰে দেশৰ সকলো চিৰিয়াখানা হাই এলাৰ্ট থাকিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে নিউৱৰ্কত কোৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে।

আমেৰিকাৰ সবাতোকৈ অধিক লোক কোৰোনাত আক্ৰান্ত হৈ নিউৱৰ্ক চহৰতেই মৃত্যু ঘটিছে। সেই চহৰতেই এইবাৰ জন্তুৰ দেহতো কোৰোনা ভাইৰাছ ধৰা পৰিছে। নিউৱৰ্কৰ চাৰিবছৰীয়া নাদিয়া নামৰ বাঘটোৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰাৰ কথা পোহৰলৈ অহাৰ পিছতেই দেশখনত আন এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আশংকা প্ৰকাশ কৰিছে যে নিউৱৰ্ক চহৰৰ ব্ৰোন্‌কচ চিৰিয়াখানাখনত কৰ্মৰত ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছ থকাৰ বাবে জন্তুৰ দেহলৈয়ো এই ভাইৰাছ বিয়পি পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *