Friday , September 25 2020
শেহতীয়া খবৰ

কোৰোনা মহামাৰীত উত্তৰ কোৰিয়াক সহায় কৰিব চীনে

নতুন দিল্লীঃ কোৰোনা মহামাৰীৰ সময়ছোৱাত উত্তৰকোৰিয়াক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চুবুৰীয়া ৰাষ্ট্ৰ চীন। যিসময়ত উত্তৰ কোৰিয়াই বহু নিষেধাজ্ঞাৰ মাজত চলি থাকিবলগীয়া হৈছে তেনেসময়ত এই দেশখনত কোৰোনা মাহামাৰীয়ে অধিক ভয়াৱহতাৰ সৃষ্টি কৰাৰ আশংকা আছে। বৰ্তমানলৈ উত্তৰকোৰিয়াৰ কোনো লোক কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা নাই যদিও দেশখনত অনাগত সময়ছোৱাত কোৰোনা মহামাৰীয়ে ভয়াৱহতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

এনে সময়তে উত্তৰ কোৰিয়াক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চীন চৰকাৰ। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উত্তৰ কোৰিয়াৰ নেতা কিন জং উঙক এক পত্ৰৰ জড়িয়তে অৱগত কৰিছে যে কোৰোনা মহামাৰীৰ সময়ছোৱাত দেশখনক সহায় কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে তথা সহায় কৰিব। উত্তৰ কোৰিয়াই বাৰম্বাৰ প্ৰকাশ কৰি আহিছে যে তেওঁলোকৰ দেশত এজনো লোক কোভিড-১৯ত আক্ৰান্ত হোৱা নাই। তাৰ বিপৰীতে চুবুৰীয়া ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াত বহু লোক কোৰোনাত আক্ৰান্ত হৈছে আনহাতে আন বহুজনৰ প্ৰাণহানি হৈছে। এনেক্ষেত্ৰত উত্তৰ কোৰিয়াত কিয় এজনো কোৰোনাত আক্ৰান্ত হোৱা নাই সেই লৈ বিশ্বজুৰি এক প্ৰশ্নৰ অৱতাৰণ ঘটিছে।

ইতিমধ্যে দক্ষিণ কোৰিয়াই প্ৰকাশ কৰিছে যে উত্তৰ কোৰিয়াত কোৰোনাত এজনো লোক আক্ৰান্ত নোহোৱাৰ যি দাবী কৰিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন। যিহেতু সমগ্ৰ বিশ্বজুৰি এই মহামাৰীয়ে ভয়াৱহতাৰ সৃষ্টি কৰিছে তেনেক্ষেত্ৰত উত্তৰ কোৰিয়াত এজনো লোক কোৰোনাত আক্ৰান্ত নোহোৱাৰ কথাটো এক আশ্বৰ্যজনক বুলি প্ৰকাশ কৰে দক্ষিণ কোৰিয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *