Thursday , August 13 2020
শেহতীয়া খবৰ

কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন  প্ৰান্তত পুনৰ লকডাউনঃ দেশত মুঠ ক’ভিড-১৯ত আক্ৰা্ন্তৰ সংখ্যা ৭,৫০,৫৮০ জন

নতুন দিল্লী, ৮ জুলাই ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত দীঘলীয়া সময়ৰ বাবে লকডাউন ঘোষণা কৰাৰ পিছতো দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে দ্ৰুত হাৰত প্ৰতিদিনে বৃদ্ধিহে পাবলৈ ধৰিছে। যাৰ বাবে এতিয়া ছ’চিয়েল মিডিয়াত সমালোচনাৰ লক্ষ্য হৈ পৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ। যিহেতু দেশত লকডাউন ঘোষণা কৰাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত কৈছিল– মহাভাৰতৰ যুদ্ধ ১৮ দিনত জয় হৈছিল, কিন্তু কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজা যঁুজখনত ২১ দিনত জয়লাভ কৰিব। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজা যঁুজখন কোন কাহানিবাই ২১ দিন পাৰ কৰিলে। কিন্তু কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধিহে পাবলৈ ধৰিছে। লকডাউন শিথিল কৰি আনলক ঘোষণাৰ দিন ধৰি প্ৰতিদিনেই বহু লোক এই মহামাৰীত আক্ৰান্ত হৈছে। উল্লেখ্য যে দীঘলীয়া সময়ছোৱাৰ বাবে লকডাউন ঘোষণাৰ পিছতো কিয় দেশত কোৰোনা ভাইৰাছ প্ৰশমিত কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ সক্ষম হোৱা নাই তাক লৈও ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনা চলি আছে। লকডাউন বিফল হৈছে বুলি বিভিন্নজনে ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে। কিয়নো লকডাউন শিথিল কৰি আনলক ঘোষণা কৰি বহু দেশত কোৰোনা সংক্ৰমণ প্ৰশমিত হৈছে। কিন্তু তাৰ বিপৰীত ছবি ভাৰতত দেখা পোৱা গৈছে। ভাৰতত এতিয়ালৈ কোৰোনা আক্ৰান্তৰ সংখ্যা ৭,৫০,৫৮০ জনলৈ বৃদ্ধি পাইছে আৰু ২০,৭৪৯জন লোকৰ মৃত্যু ঘটিছে। ভাৰতে এতিয়া কোৰোনা ভাইৰাছত সৰ্বাধিক প্ৰভাৱিত বিশ্বৰ দেশসমূহৰ তালিকাত তৃতীয় স্থান দখল কৰিছে। উল্লেখ্য যে ভাৰতত দীঘলীয়া সময়ছোৱাৰ বাবে লকডাউন বলৱৎ কৰাৰ পিছতো কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ নোহোৱাৰ বাবে পুনৰ ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ  লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে। গুৱাহাটী মহানগৰীত ১৪ দিনীয়া লকডাউন বলৱৎ হৈ আছে। আনহাতে ৰাজ্যৰ আন প্ৰান্ততো এতিয়া লকডাউন বলৱৎ কৰিবলগীয়া হৈছে। একেদৰে পশ্চিমবংগত  কাইলৈৰ পৰা ৩১ জুলাইলৈ লকডাউন ঘোষণা কৰিছে। পশ্চিমবংগৰ ৯খন জিলাত থকা কেণ্টইনমেণ্ট আৰু বাফাৰ জ’নত এই লকডাউন বলৱৎ থাকিব। একেদৰে বিহাৰতো সাতদিনীয়া লকডাউন বলৱৎ কৰাৰ কথা ঘোষণা কৰিছে। বিহাৰৰ ৰাজধানী পাটনাত ১০ৰ পৰা ১৬ জুলাইলৈ লকডাউন বলৱৎ থাকিব। একেদৰে মহাৰাষ্ট্ৰ চৰকাৰেও ৰাজ্যখনত ৩১ জুলাইলৈ সাধাৰণ লকডাউনৰ কথা ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *