শেহতীয়া খবৰ

কোৱাৰেণ্টাইনত থকা প্ৰতিজনৰ বিপৰীতে চৰকাৰে ব্যয় কৰিব ১৩শ টকা, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

দৈনিক গনঅধিকাৰ, গুৱাহাটীঃ  বৰ্তমান সময়ত অসমবাসী এক জটিল পৰ্যায়ত সোমায় পৰিছে। বহিঃৰাজ্যৰ পৰা লোকসকল অসমলৈ অহাৰ পিছতেই কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে। অসমত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা ১৯১। ইয়াৰে অসমৰ বাহিৰৰ পৰা অহা লোকৰ সংখ্যা সৰ্বাধিক। কোৰোনাত আক্ৰান্তৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি এনএইছএমৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে এতিয়া কোৱাৰেণ্টাইন ব্যৱস্থাটো আৰু অধিক কটকটীয়া কৰিব লাগিব। যাতে কোৰোনা ভাইৰাছ সংক্ৰমণ হ’ব নোৱাৰে।

যদি কোৱাৰেণ্টাইন ব্যৱস্থাটো ভালদৰে কৰিব পৰা নাযায় সামাজিক সংক্ৰমণৰ ৰূপ ল’ব। চৰকাৰে কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে বাহিৰৰ পৰা অহা সকলোৱে ১৪দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিবই লাগিব। যিসকলে কোৱাৰেণ্টাইন নীতি ভংগ কৰিব তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কোৱাৰেণ্টাইনত থকাসকলৰ সমষ্ট খৰচ ব্যয় কৰিব চৰকাৰে। প্ৰতিগৰাকী লোকৰ বিপৰীতে চৰকাৰে ৰাজকোষৰ পৰা ১৩শ টকাকৈ ব্যয় কৰিব। ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত থকা প্ৰতিগৰাকী ব্যক্তিৰ খোৱাৰ নামত ৫শ টকা ব্যয় কৰিব। একেদৰে হোটেলৰ কোৱাৰেণ্টাইনত থকা সকলৰ বাবে ব্যয় কৰিব ২হাজাৰ টকা।

এতিয়াৰে পৰা কোনো লোকে কোৱাৰেণ্টাইনত থকাৰ সময়ত নিজ ধন ব্যয় কৰিব নালাগে। প্ৰতিজনেই সাতদিন কোৱাৰেণ্টাইনত থকাৰ পিছত যদি নমুনা নিগেটিভ আহে তেন্তে সেইলোকজনক বাকী সাতদিন ঘৰতেই কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিব। আনকি ঘৰত কোৱাৰেণ্টাইনত থকাৰ সময়তো চৰকাৰে ব্যয় কৰিব ধন। পূৰ্বে চিকিৎসকসকলে সাতদিন চিকিৎসা সেৱা কৰাৰ অন্তত চৈধ্য দিনৰ বাবে কোৱাৰেণ্টলৈ গৈছিল। এতিয়াৰে পৰা চিকিৎসকসকলে সাতদিন চিকিৎসা সেৱা কৰি সাতদিনৰ বাবে কোৱাৰেণ্টাইনত যাব। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ত আন্তৰাজ্যিক পৰিৱহণ সেৱা মুকলি কৰাৰ পিছতেই স্থলপথেৰে ৩৭ হাজাৰ লোক অসমলৈ আহিছিল। একেদৰে ৰে’লপথেৰে ১১,৭২৪ জন লোক আহিছিল। যেতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অসমলৈ আগমন ঘটিছে সেই সময়তে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

সেয়ে বহিঃৰাজ্যত থকা অসমবাসী লোকলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহবান জনায় কয় যে এই জটিল সময়ত যাতে অসমৰ লোকসকলে আহি এক বিশৃংখল পৰিৱেশৰ সৃষ্টি নকৰে। নিজকে সুৰক্ষিত কৰক আৰু আনকো সুৰক্ষিত ৰাখক। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত লাহে লাহে আহিবলৈ অনুৰোধ জনায়। বহিঃৰাজ্যত থকা লোকসকলৰ যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেইবাবে প্ৰতিজনৰ একাউণ্টত প্ৰতিমাহত ২ হাজাৰ টকাকৈ জমা কৰিব চৰকাৰে। আচাম কেয়াৰৰ অধীনত মাহেকীয়াকৈ এই ধনৰাশি আদায় দিব। ইতিমধ্যে চৰকাৰে একাউণ্টৰ জড়িয়তে ৩,৬১,১৭০ জন লোকক ২হাজাৰ টকাকৈ জমা দিছে। এই জটিল সময়ত যাতে বহিঃৰাজ্যত থকা লোকসকলে তাতে থাকি নিজৰ জীৱনটো সুৰক্ষিত কৰি ৰাখে সেইক্ষেত্ৰত সকলোৰে বাবে মংগল বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে যিসকল লোকৰ বেংক একাউণ্ট নাই সেইসকল লোকক চিনাক্ত কৰাৰ বাবে জিলা প্ৰশাসন আৰু বিধায়কসকলক আহবান জনাইছে যাতে তেওঁলোকৰ যাৱতীয় নথি সংগ্ৰহ কৰি দাখিল কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক কামৰূপ মহানগৰত। দ্বিতীয় স্থানত আছে হোজাই জিলা।

কামৰূপ মহানগৰত ৩৭জন আক্ৰান্ত হোৱাৰ বিপৰীতে হোজাই জিলাত ২৩জন, কামৰূপ গ্ৰাম্যত ১৬জন, কাছাৰত ১৪জন, গোলাঘাটত ১০জন, গোৱালপাৰাত ৭জন, বঙাইগাঁৱত ৬জন, কাৰ্বিআংলঙত ১জন, তিনিচুকীয়াত ৩জন, বাক্সাত দুজন, লক্ষিমপুৰত এজন, শিৱসাগৰত এজন। আজিৰ তাৰিখলৈ আঠখন জিলাত নাই কোনো এজন লোক কোৰোনাত আক্ৰান্ত। অসমত আক্ৰান্ত হোৱা ১৯১জন লোকৰ ভিতৰত তবলিকি জামাতৰ সৈতে সু-সম্পৰ্ক থকা ব্যক্তিৰ সংখ্যা ৩৬জন। একেদৰে বহিঃৰাজ্যৰ পৰা অহা কোৰোনা আক্ৰান্তৰ সংখ্যা ১১২জন। আলু বা আন ঘটনাৰ সৈতে সম্পৰ্ক থকা ৩২জন কোৰোনাত আক্ৰান্ত। এতিয়ালৈকে ৯জনৰ কোনো ধৰণৰ Îট্ৰভেল হিষ্ট্ৰি ওলোৱা নাই। বঙাইগাঁৱৰ চাৰিটা, কামৰূপ মহানগৰত চাৰিটাৰ সংক্ৰামণ ক’ৰ পৰা আহিল এতিয়ালৈ উলিয়াব পৰা নাই। অসমত সাতটা লেবত কোৰোনাৰ নমুনা পৰীক্ষা চলিছে। ইতিমধ্যে ৪০,০৩৩ টা নমুনা পৰীক্ষা হৈছে। দৈনিক ১০০০-১২০০ নমুনা পৰীক্ষা কৰা হৈছে। বিগত ২১টা দিনত নমুনা পৰীক্ষাৰ হাৰ ২০০০-৩০০০ টা। ইপিনে অসমৰ জিলাসমূহক জ’ন হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত বিশেষ আঁচনি হাতত লৈছে চৰকাৰে। এতিয়াৰে পৰা আক্ৰান্ত অঞ্চলসমূহক কন্টেইনমেন্ট জ’ন আৰু বাফাৰ জ’ন হিচাপে ঘোষণা কৰিব।

কন্টেইনমেন্ট জ’নত সকলো ধৰণৰ সেৱা বন্ধ থাকিব। কিন্তু বাফাৰ জ’নত কিছু শিঠিলতা থাকিব। কোনটো অঞ্চল কি জ’নত পৰিব সেয়া উপায়ুক্তসকলে সিদ্ধান্ত গ্ৰহণ কৰিব। ইপিনে মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসা কৰ্মীসকলে গাঁৱে গাঁৱে গৈ নমুনা সংগ্ৰহ কৰিছিল। ২১,৪৯৯খন গাঁৱত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিছিল। ইয়াৰে ২০,৮৩২ জন লোকৰ শৰীৰত জ্বৰৰ লক্ষণ দেখা দিছিল। ৪ হাজাৰ নমুনা পৰীক্ষা কৰাৰ অন্তত আটাইৰে নিগেটিভ আহিছে। সেয়ে মন্ত্ৰী গৰাকীয়ে লগতে কয় যে গাঁৱ সমূহত এতিয়ালৈ কোৰোনাৰ সংক্ৰমণ হোৱা নাই। বাহিৰৰ পৰা অহা লোকসকলক যদি আমি ভালদৰে কোৱাৰেণ্টাইন কৰিব পাৰো তেন্তে সংক্ৰমণ ৰোধ হ’ব। এইক্ষেত্ৰত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক প্ৰয়োজনসাপেক্ষেহে আহিবলৈ আহবান জনায়। যদি প্ৰয়োজন নাই তেন্তে তাতেই থাকক আৰু নিজৰ গাঁৱখন সুৰক্ষিত ৰাখক। বহিঃৰাজ্যৰ পৰা অহা লোকসকল যাতে ভালদৰে কোৱাৰেণ্টাইনত থাকে সেইক্ষেত্ৰত সকলোকে দৃষ্টি ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *