Friday , September 25 2020
শেহতীয়া খবৰ

কৰ’না ভাইৰাছৰ সংক্ৰমণঃ দহ দিনৰ বাবে বন্ধ  নিউ বঙাইগাঁও ৰে’লৱে কাৰখানা

গণ বাৰ্তা, বঙাইগাঁও, ১৮ জুলাই ঃ বঙাইগাঁও জিলাত এতিয়া কোৰোনা ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ  ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ লৈছে । বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । বৰ্তমানলৈ জিলাখনৰ মুঠ ২৩১জনকৈ ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ভিতৰত ১৬৬জন ৰোগী সুস্থ হোৱাৰ বিপৰীতে ৫৮জন চিকিৎসাধীন হৈ আছে । আনহাতে ৭জন ব্যক্তি বঙাইগাঁও জিলাৰ বাহিৰৰ । উল্লেখ্য যে জিলাখনত ১৬ জুলাইত ১৮জন, ১৭ জুলাইত ১জন আৰু আজি ৮জন ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হৈছে। কিন্তু জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰাজহুৱা কৰা নহয় ৰোগীৰ পৰিচয় । ইপিনে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাদ পৰি যোৱা নাই বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, কাৰখানা আদিৰ বিষয়া-কৰ্মচাৰীও । ফলত জিলা প্ৰশাসনে কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বন্ধ কৰি দিবলগীয়া হৈছে কাৰ্যালয়, কাৰখানা, বেংক, ফাৰ্মাচী, ব্যৱসায় প্ৰতিষ্ঠান আদি । শেহতীয়াকৈ বঙাইগাঁৱৰ নিউ বঙাইগাঁওস্থিত ৰে’লৱে দবা মেৰামতি কাৰখানাৰ এগৰাকী কৰ্মচাৰীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে বঙাইগাঁও জিলা প্ৰশাসনে দহ দিনৰ বাবে কাৰখানাটোৰ কাম-কাজ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। লগতে ৰে’লৱে কাৰখানাটোৰ সকলো বিষয়া-কৰ্মচাৰীক ক’ভিড-১৯ৰ পৰীক্ষাৰ বাবে স্বাব দিবলৈ নিৰ্দেশ দিছে । একেদৰে নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ আৰ পি এফত কৰ্মৰত এজন ব্যক্তিৰ দেহতো ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে । ক’ভিডত আক্ৰান্ত হোৱা ৰোগীজনে লাইফ ফাৰ্মাত জ্বৰ হৈ থকাত চিকিৎসকৰ ওচৰ চাপিছিল । সেয়ে এতিয়া ব্যক্তিজনৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাত ব্যক্তিজনৰ সৈতে বিভিন্নজন সংস্পৰ্শলৈ অহাত জিলা প্ৰাশাসনে আজিৰে পৰা লাইফ ফাৰ্মা কেম্পাছৰ ফাৰ্মাচী, ক্লিনিক, চিকিৎসকৰ চেম্বাৰ দহ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিছে । লগতে লাইফ ফাৰ্মা কেম্পাছৰ চিকিৎসক তথা ফাৰ্মাচী, ক্লিনিক আৰু চিকিৎসকৰ চেম্বাৰৰ সকলো কৰ্মীক ক’ভিড- ১৯ পৰীক্ষাৰ বাবে স্বাব দিবলৈ নিৰ্দেশ দিছে । সেইদৰে বঙাইগাঁও জিলাত দহ দিনলৈ চিকিৎসকক সাক্ষাৎ কৰিব নোৱাৰিব মেডিকেল  ৰিপ্ৰেজেণ্টেটিভসকলেও । বঙাইগাঁও জিলা প্ৰশাসনে দহ দিনৰ বাবে জিলাখনত মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলক চিকিৎসকসকলক সাক্ষাৎ কৰাকে ধৰি সকলো কামৰ পৰা বিৰত থকাৰ বাবে নিৰ্দেশ জাৰি কৰিছে । লগতে ৰিপ্ৰেজেণ্টেটিভ সেৱাৰ লগত জড়িত সকলোকে ক’ভিড পৰীক্ষাৰ বাবে স্বাব দিৱবৈল নিৰ্দেশ দিছে । আনহাতে জিলাখনত দহ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে কুৰিয়াৰ সেৱা (COURIER SERVICE)। জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে । লগতে কুৰিয়াৰ সেৱাৰ লগত জড়িত সকলো কৰ্মচাৰীকে ক’ভিড পৰীক্ষাৰ বাবে স্বাব দিবলৈ নিৰ্দেশ দিছে । উল্লেখ্য যে বঙাইগাঁও জিলাত ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাত জিলা প্ৰাশাসনে জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তথা কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *