Wednesday , September 23 2020
শেহতীয়া খবৰ

কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে দক্ষিন মাজুলীত ৰাইজে আৱদ্ধ কৰিলে দূধৰ্ষ গড় চিকাৰী

দৈনিক গণঅধিকাৰ, দেৰগাঁওঃ মহামাৰি কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰাৰ মাজতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ  সমীপৱৰ্তী দক্ষিণ মাজুলীত ৰাইজে আটক কৰিলে এটা দূধৰ্ষ চোৰাংচোকাৰী ।এই চোৰাং চিকাৰিটোয়ে গড় হত্যা কৰিবলৈ লওতেই আটক কৰিলে ৰাইজে । প্ৰাপ্ত খবৰ মতে দক্ষিন মাজুলীৰ আঁহতগুৰিৰ কাঠচাপৰি অঞ্চলত  অৰুণাচলৰ পূব চিয়াং জিলাৰ পৰা আহি বাহৰ পাতি আছিল গাগম ইক নামৰ চোৰাং চিকাৰিটো ।

বহু দিনৰে পৰা এটা গড়ে উক্ত অঞ্চলত ঘুৰি ফুৰি আছিল যদিও স্থানীয় ৰাইজে কোনো ধৰনৰ অসুবিধা পোৱা  নাছিল । গড়টোক হত্যা কৰিবৰ বাবে অৰুনাচলৰ পৰা আহি গড় চিকাৰীটোয়ে বাহৰ পাতিছিল এই অঞ্চলটোত  ।

ৰাইজৰ তৎপৰতাত আবদ্ধ হয় এই চোৰাং চিকাৰীটো ।ৰাইজে আবদ্ধ কৰি হাত ভৰি বান্ধি থোৱা গড় চিকাৰীটোৰ  পৰা উদ্ধাৰ হৈছে ভোটাৰ আই ডি , আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আদি নথি পত্ৰ।ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ দল ।এই চিকাৰি টোৰ লগত আৰু বহু  লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ।চিকাৰিটোৰ ভাষ্য অনুসৰি অধিক তদন্ত কৰিবৰ বাবে স্থানীয় ৰাইজে জিলা বন বিষয়াৰ লগতে জিলা আৰক্ষী অধিক্ষকক আহ্বান জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *