Friday , September 25 2020
শেহতীয়া খবৰ

কৰম পৰৱৰ দিনা চৰকাৰী বন্ধ ঘোষনাৰ দাবীত আট্‌ছা টেঙাখাত শাখাৰ উদ্যোগত সাংস্কৃতিক প্ৰতিবাদ ৷

গণ বাৰ্তা,টেঙাখাত : ২৮ আগষ্ট: ভাদ মাহৰ শুক্লা একাদশী তিথি দিনা চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰৱৰ দিনা চৰকাৰী বন্ধ ঘোষনা কৰাৰ দাবীত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্‌ছা) টেঙাখাত শাখাৰ উদ্যোগত উইলটনত এক সাংস্কৃতিক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় । আজি দিনৰ ১২ বজাত আট্‌ছা টেঙাখাত শাখাাৰ সভাপতি তিলক খালখ  সম্পাদক দিলীপ পাতৰ তথা নেতা কৰ্মীৰ লগতে আট্‌ছা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাজেন কুমাৰ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য উপদেষ্টা প্ৰমোদ বাৰলা সাংগঠনিক সম্পাদক দীপক পাতৰ কাৰ্যনিৰ্বাহক সদস্য অনিল কাৱাৰ বাবুল বাঘোৱাৰ আদি বহু সংখ্যক নেতা কৰ্মীৰ লগতে মাদল তাল আদি বাদ্য যন্ত্ৰ লৈ জাতীয় সাজ- পাৰ পিন্ধি ঝুমুৰ আৰু অন্যান্য সাংস্কৃতিক  দল উইল্টন তিনিআলিত সমবেত হয় । তেওলোকৰ একাংশই সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি একাংশই প্ৰতিবাদী বেনাৰ তথা প্লে- কাৰ্ড লৈ ” আট্‌ছা জিন্দাবাদ , সৰ্বানন্দ সোনোৱাল চৰকাৰ মূৰ্দাবাদ , বি জে পি গ’বেক , শ্ৰমিক ঐক্য জিন্দাবাদ , আট্‌ছা লং লিভ্‌ , জাতীয় উৎসৱ কৰম পৰৱৰ উপলক্ষে চৰকাৰী বন্ধ ঘোষনা কৰক , জয় আই অসম ” আদি বিভিন্ন প্ৰতিবাদী শ্ল’গান দি উইল্টন তিনআলিৰ পৰা এল বি টি গড়কাপ্তানি পথৰ ওপৰেৰে প্ৰায় এক কিলোমিটাৰ দূৰ প্ৰতিবাদী যাত্ৰা কৰি পূনৰ উইল্টন তিনিআলিত সমবেত হৈ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে প্ৰতিবাদ সভা অনুষ্ঠিত কৰি উল্লেখিত নেতা সকলে অসম চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰিলে ইয়াতকৈও তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দি বক্তব্য ৰখাৰ অন্তত কাৰ্যসূচীৰ সমাপ্তি ঘোষনা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *