Monday , September 21 2020
শেহতীয়া খবৰ

ক’ৰোণাৰ লগত ৰাজনীতি কৰিছে বুলি কলে মই হাত দাঙি দিম – মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা

দৈনিক গণঅধিকাৰঃ গোলাঘাটঃ অসমৰ ভিতৰতে গোলাঘাট জিলা Covid 19 ৰোগীৰ বাবে এক স্পৰ্শকাতৰ অঞ্চল হৈ পৰিছিল। ভাৰত চৰকাৰে গোলাঘাট জিলাক red zone হিচাপে ঘোষণা কৰিছিল। কিন্তু আজিৰে পৰা গোলাঘাট সুমাই পৰিল orange zone ত, এইয়া এক গোলাঘাট বাসীৰ বাবে ভাল খবৰ। কৰু’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপত প্ৰসূতি আৰু নৱজাতকৰ MCH চিকিৎসালয় নিৰ্মাণ চলি থকা চিকিৎসালয় গৃহটো Covid 19 ৰোগীৰ চিকিৎসালয় ৰূপে মুকলি কৰে আজি হিমন্ত বিশ্ব শৰ্মাই।

চিকিৎসালয় মুকলি কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদমেলত জনাই গোলাঘাটত কভিড-19 ৰ ৯ জন ৰোগীৰ ভিতৰত ৫ জনক চিকিৎসালয় পৰা অব্যাহতি দিয়াৰ লগতে সোনাপুৰৰ পৰা ২ জন, গোৱালপাৰাৰ পৰা ৩ জনক আজি অব্যাহতি দিয়ে। গোলাঘাটত বৰ্তমান পাঁচ জনৰ শৰীৰত পজিটিভ ধৰা পৰাৰ বাবেই চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিব লাগিব ৰোগী কেইজন । গোলাঘাটৰ নতুন কৈ শুভাৰম্ভ কৰা Covid 19 চিকিৎসালয়খনত ২৪খন আইচিইউ বিছনা, আইছ’লেচনৰ ৱাৰ্ডত ৪০খন বিছনা আৰু কোৱাৰেন্টাইনত ৫৬ বিচনাযুক্ত হয় বুলি জানিব দিয়ে।

কৰু’ণা ভাইৰাছৰ সংক্ৰমণৰ চিকিৎসা শেষ হোৱাৰ পিছতো উক্ত চিকিৎসালয় খনত ভৱিষ্যতে নৱজাতক আৰু প্ৰসূতিৰ বাবে ১০ ৰ পৰা ১৫খন আইচিইউ বিছনাৰ সুবিধা উপলব্ধ থাকিব। উল্লেখ্য যে, বৰ্তমানৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়নৰ পুৰণি গৃহ ভাঙি নতুনকৈ অতিৰিক্ত ৩০০ বিছনা যুক্তৰ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। মৰিগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকী ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত 14 দিনৰ বাবে কোৱাৰেন্টাইনত ৰখা হৈছে বুলি জানিব দিয়ে। যিহেতু এই দুগৰাকী বিষয়া নিজামুদ্দিন মৰকজৰ পৰা ঘুৰি অহা এগৰাকী Covid 19 আক্ৰান্ত ব্যক্তিৰ সম্পৰ্কত আহিছিল।

নিজামুদ্দিন মৰকজৰ পৰা ঘুৰি অহাৰ কথা ব্যক্তি জনে গোপনে ৰখাৰ বাবেই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকী কোৱাৰেন্টাইনলৈ যাব লগাত পৰে। 20 এপ্ৰিলৰ পিছত এখন জিলাৰ পৰা আন এখন জিলালৈ যাতায়তৰ বাবে কিছু কথা চিন্তা কৰা হ’ব বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে। সংবাদ মেলতে PPE kit ৰ ওপৰত কোনোবাই ৰাজনীতি কৰিলে,’ মই হাত দাঙি’ অভিযোগ অনা সকলকে এই দিশত যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান জনাবলৈ বাধ্য হম বুলি কয় মন্ত্ৰী গৰাকীয়ে। ৰেপিড টেষ্ট কিট কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা পাঁচ হাজাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু ৰাজ্যৰ বৰ্তমান পৰিস্থিতি চাই আৰু ৰোগীসকলক তাৎক্ষণিক ভাৱে চিকিৎসা দিব পৰা কৈ নিজাববীয়াকৈ এক লাখ ৰেপিড টেষ্ট কিট অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

ক’ৰোনা আক্ৰান্তৰ পৰা সুস্থ হৈই বৰ্তমান অব্যাহতি দিয়া লোকসকল গাঁওলৈ গ’লে ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি জানিব দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Covid 19ত পজিটিভ হৈ চিকিৎসাধীন হৈ থকা দেৰগাঁও দীঘলীপামৰ ৱাহিদা বেগম, মেৰাপানীৰ ৰোমা বেগম, ইয়াকুব আলি আৰু মৰঙী ঢুলীয়া গাঁৱৰ হাইদৰ আলি চিকিৎসাৰ পিছত নিগেটিভ পোৱাৰ বাবেই চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। চাৰিওকে পুনৰ ১৪ দিনৰ বাবে ৰখা হ’ব গোলাঘাটৰ এনাজৰী বিবাহ ভৱনত।

Leave a Reply

Your email address will not be published. Required fields are marked *