কৰোনাতংক : ২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা স্থগিত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ মে’:  ৰাজ্যত ক্ৰমবৰ্ধমান গতিত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা স্থগিত ৰাখিছে। সংসদৰ সচিব পংকজ বৰঠাকুৰৰ স্বাক্ষৰিত এক জাননীযোগে এই কথা প্ৰকাশ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। উল্লেখ্য যে অহা ১১ মে’ৰ পৰা উচ্চতৰ মাধ্যমিকৰ ২০২১ বৰ্ষৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। জাননীখনত কোৱা হৈছে যে সংশ্লিষ্ট সকলো পক্ষকে জনোৱা হৈছে যে ’ভিড-১৯ৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত স্থগিত ৰখা হৈছে। আনহাতে মাধ্যমিক শিক্ষা সংসদে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা স্থগিত কৰাৰ কথা ঘোষণা কৰিছিল। ইতিপূৰ্বে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে যোৱা ৪ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষাও ক’ভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত ৰাখিছিল। পৰৱৰ্তী সময়ত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ দিন ঘোষণা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *