Home Main Stories কৰোনাত আক্ৰান্ত হৈ তিনিচুকীয়াত পুনৰ এজনৰ মৃত্যু, এইবাৰ জাগুনত শিক্ষকে হেৰুৱালে প্ৰাণ

কৰোনাত আক্ৰান্ত হৈ তিনিচুকীয়াত পুনৰ এজনৰ মৃত্যু, এইবাৰ জাগুনত শিক্ষকে হেৰুৱালে প্ৰাণ

70
0

গন বাৰ্তা বিশেষ, তিনিচুকীয়া আৰু গণ বাৰ্তা লেখাপানী, ২৯ এপ্ৰিলঃ কৰোনাত আক্ৰান্ত হৈ তিনিচুকীয়াত পুনৰ এজন ব্যক্তিৰ মৃত্যু ঘটিছে৷ এইবাৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱতিলে এগৰাকী শিক্ষকে৷ মৃত শিক্ষকজন জাগুনৰ উদয়পুৰ সৰ্বোদয় হিন্দী হাই স্কুলৰ সহকাৰী শিক্ষক শ্ৰীকান্ত সিং( ৫৫) বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, জিলাখনৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং উদয়পুৰৰ নিৱাসী শ্ৰীকান্ত সিঙৰ কৰুণাত আক্ৰান্ত হৈ বুধবাৰে সন্ধিয়া ৬ বজাত মৃত্যু ঘটে৷ কিছুদিন পূৰ্বে শ্ৰীকান্ত সিং নতুন দিল্লীৰ পৰা ৰেলযোগে তিনিচুকীয়ালৈ আহিছিল৷ ঘৰ আহি পোৱাৰ পিছতে চৰ্দি, জ্বৰ হোৱাত জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত পৰিক্ষা কৰাত তেখেতৰ কভিড পজেটিভ ধৰা পৰিছিল৷ ব্যক্তিগৰাকী ঘৰতেই হোম আইচ’লেচনত আছিল৷ শ্ৰীকান্ত সিঙৰ কভিড পজেটিভ ধৰা পৰাৰ কিছুদিনৰ পিছতেই তেখেতৰ দুজনকৈ ভাতৃ আৰু পৰিয়ালৰ এগৰাকী বোৱাৰী কভিডত আক্ৰান্ত হয়৷ বুধবাৰে শ্ৰীকান্ত সিঙৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটি শ্বাস প্ৰশ্বাসত কষ্ঠ হোৱাৰ লগতে কৰোনাত আক্ৰান্ত বাকীসকলৰো স্বাস্থ্যৰ অৱনতি ঘটাত পুৱাৰ ভাগত সকলোকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্টি কৰোৱা হয়৷ সন্ধিয়াৰ ভাগত শ্ৰীকান্ত সিঙৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটি তিনিচুকীয়া অসামৰিক চিকিৎসালয়তে সন্ধিয়া ৬ বজাত মৃত্যু ঘটে৷ উল্লেখ্য যে, মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ মৌজাৰ ভিতৰত শ্ৰীকান্ত সিং আছিল প্ৰথম গৰাকী কৰোনা ৰোগী৷ কৰুণাক আক্ৰান্ত হোৱা ৰোগীসকলৰ ভিতৰত প্ৰথমগৰাকী ৰোগীয়ে মৃত্যু বৰণ কৰাত সম্প্ৰতি সমগ্ৰ লেখাপানী- জাগুন অঞ্চলত ব্যাপক চাঞ্চ্যল্যৰ সৃষ্টি হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here