Home Recommended খাতা খুবিলৈ সক্ষম নহ’ল আঞ্চলিক দল এজেপিয়ে : দুয়োটা সমষ্টিতে পৰাস্ত লুৰীণজ্যেতি...

খাতা খুবিলৈ সক্ষম নহ’ল আঞ্চলিক দল এজেপিয়ে : দুয়োটা সমষ্টিতে পৰাস্ত লুৰীণজ্যেতি গগৈ

41
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ মে’:  চৰকাৰ গঠনৰ দম্ভালি মৰা নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ, চমুকৈ এজেপিৰ সকলোধৰণৰ দৰ্প চূৰ্ণ হ’ল। আজি বহু প্ৰত্যাশিত অসম বিধানসভাৰ ভোটগণনাত সম্পূৰ্ণৰূপে ধূলিসাৎ হ’ল এজেপি। অতি পৰিতাপৰ বিষয় যে এইবেলি বিজেপি আৰু কংগ্ৰেছক পৰাস্ত কৰি আঞ্চলিকতাবাদী চৰকাৰ গঠন কৰিব বুলি হুংকাৰ দিয়া এজেপিয়ে তেওঁলোকৰ প্ৰথমখন ৰাজনৈতিক যুদ্ধত এডালো শৰ মাৰিবলৈ সক্ষম নহ’ল। অৰ্থাৎ খাতা খুলিবই নোৱাৰিলে নৱগঠিত আঞ্চলিক দল এজেপিয়ে। লক্ষণীয়ভাৱে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল যদিও এই দুয়োটা সমষ্টিতে শোচনীয়ভাৱে পৰাজয়বৰণ কৰে সভাপতিগৰাকীয়ে। এই দুয়োটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। হাজো সমষ্টিত এজেপিৰ প্ৰাৰ্থী দুলু আহমেদে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও শেষমুহূৰ্তত বিজেপিৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হাতত পৰাস্ত হয়। নৱগঠিত আন এটা আঞ্চলিক দল ৰাইজৰ দলে এখন আসন লাভ কৰিবলৈ সক্ষম হয়। দলটোৰ সভাপতি অখিল গগৈয়ে অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰ সৃষ্টি কৰি কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰাই বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে। কিন্তু এজেপিয়ে এখনো আসন লাভ কৰিবলৈ নহল, শূন্যতে সীমাবদ্ধ থাকিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here