Sunday , September 20 2020
শেহতীয়া খবৰ

 খোৱাংত   কেইবাখনো গাঁও বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীত জলমগ্ন

গণ বাৰ্তা, মৰাণ ,১৮, জুলাইঃ  কোৰোনা আতংকৰ  মাজতে ৰাজ্যত প্ৰথমটো বাঢ়নী পানীত বহু পৰিয়ালে ভেটি-মাটি সেৰুৱাই সৰ্বস্বান্ত হৈছিল । কিন্তু কেইদিনমানৰ পিছতে পুনৰ অহা দ্বিতীয়টো বানতো খোৱাং অঞ্চলৰ বহুকেইখন গাঁও জলমগ্ন হৈছে৷ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত হালধিবাৰী মইনা গাঁৱত  বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতি৷ বিশেষকৈ খোৱাং দলনিকুৰৰ পৰা হালধিবাৰী মইনা গাঁৱলৈকে বুঢ়ীদিহিঙৰ কাষেৰে থকা ৰিংবান্ধৰ প্ৰায় চাৰিশ মিটাৰ বানে উটুৱাই নিয়াৰ ফলত জলমগ্ন হৈ পৰিছে গাঁওখনৰ বহু বাসগৃহ, বিস্তীৰ্ণ কৃষিভূমি৷ আজিও বানত বুৰ গৈ আছে গাঁৱৰ মূল পথ৷ বান সাহাৰ্য হিচাপে মঙ্গলবাৰে সামান্য পৰিমানৰ খাদ্য সামগ্ৰী বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ বিতৰন কৰা হৈছে যদিও পশুধনৰ বাবে একোৱেই ব্যৱস্থা কৰা হোৱা নাই । পশুখাদ্যৰ অভাৱনীয় সমস্যাই দেখা দিছে গাঁওখনত৷ বিগত বৰ্ষত বানৰ সময়ত অঞ্চলটোত উপস্থিত হোৱা মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৰিংবান্ধ নিৰ্মাণৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছিল যদিও পৰৱৰ্তী সময়ত কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ বাবেই এনে অভাৱনীয় পৰিস্থিতিৰ সমূখীন হোৱাৰ অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *