Thursday , August 13 2020
শেহতীয়া খবৰ

গান্ধী পৰিয়ালৰ তিনিটা ট্ৰাষ্টত চলা বিত্তীয় অনিয়মক লৈ তদন্ত কমিটি গঠন কেন্দ্ৰীয় চৰকাৰৰ

সত্যৰ পথত থকাই কেতিয়াও ভয় নকৰে ঃ ৰাহুল গান্ধী

নতুন দিল্লী, ৮ জুলাই ঃ গান্ধী পৰিয়ালৰ লগত জড়িত তিনিটা ট্ৰাষ্টত বিত্তীয় অনিয়ম চলাৰ অভিযোগ তুলি সেই অনিয়মৰ তদন্ত কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে এখন কমিটী গঠন কৰিছে। যিখন কমিটীয়ে গান্ধী পৰিয়ালৰ লগত জড়িত ট্ৰাষ্টকেইটাত চলা বিত্তীয় অনিয়মৰ তদন্ত কৰিব। কেন্দ্ৰীয় চৰকাৰে বুধবাৰে এই কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই তদন্তৰ বাবে গঠন কৰা আন্তঃমন্ত্ৰালয় কমিটীয়ে ট্ৰাষ্টকেইটাত চলা বিত্তীয় অনিয়মৰ তদন্ত কৰিব, যি কমিটীত কেইবাটাও মন্ত্ৰালয়ৰ বহুকেইজন লোক জড়িত হৈ আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজীৱ গান্ধী ফাউণ্ডেচন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়েল ট্ৰাষ্টত চলা বিত্তীয় অনিয়মৰ তদন্ত কৰিব কমিটীখনে। এই ট্ৰাষ্টকেইটাৰ ওপৰত আয়কৰ অনিয়ম, বিদেশী ফাণ্ড গ্ৰহণত অনিয়মৰ তদন্ত হ’ব। ইয়াৰ উপৰি ট্ৰাষ্টকেইটাৰ বিৰুদ্ধে  প্ৰভিজন অৱ মানী লণ্ড্ৰিং এক্ট (পি এম এল এ), ইনকাম টেক্স এক্ট, ফৰেইন কণ্ট্ৰিবিউচন ৰেগুলেচন এক্ট (এফ চি আৰ এ)ৰ আধাৰত তদন্ত হ’ব।

তদন্ত প্ৰক্ৰিয়াৰ মূল দায়িত্ব অৰ্পণ কৰা হৈছে ই ডিৰ স্পেচিয়েল ডাইৰেক্টৰক। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই কংগ্ৰেছ মোদী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। কংগ্ৰেছে প্ৰকাশ কৰিছে যে মোদী চৰকাৰৰ এনে কাৰ্যত তেওঁলোকে কেতিয়াও ভয় নকৰে। কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ  ৰাহুল গান্ধীয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে যে ‘মোদীয়ে ভাবিছে সমগ্ৰ বিশ্ব তেওঁৰ দৰে। তেওঁ ভাবে যিকোনো লোকক ভয়-ভাবুকি দিব পৰা যায়, তেওঁ কেতিয়াও এইটো নাভাবে যে সত্যৰ পথত থকাই কেতিয়াও ভয় নকৰে। যিসকল সত্য পথত থাকে সেইসকলক কেতিয়াও  ভয়-ভাবুকি দিব নোৱাৰে।’ ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰণদীপ সিং সুৰজেৱালাই কয় যে কংগ্ৰেছ দলে মোদী চৰকাৰৰ এই কাৰ্যত কেতিয়াও ভয় নকৰে। ৰাজীৱ গান্ধী ফাউণ্ডেচন ১৯৯১ চনত গঠন কৰা হৈছিল। আনহাতে ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট ২০০২ত গঠন কৰা হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধী এই দুয়োট ট্ৰাষ্টৰ প্ৰমুখ। কংগ্ৰেছ দলে প্ৰকাশ কৰিছে যে এই ট্ৰাষ্টত বিত্তীয় লেনদেন সম্পূৰ্ণভাৱে আইনী প্ৰক্ৰিয়াৰে হৈছে। কোনো বেআইনী কাৰ্যৰে হোৱা নাই বিত্তীয় লেনদেন।

Leave a Reply

Your email address will not be published. Required fields are marked *