Friday , September 25 2020
শেহতীয়া খবৰ

গালৱানৰ ১৪ নং পইণ্টত চীনৰ সঘন পেট্ৰ’লিং : চীনক প্ৰত্যুত্তৰ দিবলৈ সীমান্তত উৰিল ভাৰতীয় যুঁজাৰু বিমান

মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকৰ পিছত বিষয়াসহ জোৱানক মুকলি চীনৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ভাৰত আৰু চীনৰ মাজত গালৱান উপত্যকাত আৰম্ভ হোৱা উত্তেজনা এতিয়াও উমি উমি জ্বলি আছে। গালৱান উপত্যকাৰ লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ দুয়োটা দিশতে ভাৰত আৰু চীনে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰিছে। উল্লেখ্য যে যোৱা সোমবাৰে গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাৰ মাজত ৰক্তাক্ত সংঘৰ্ষ সংঘটিত হৈছিল। এই সংৰ্ষত এজন কৰ্নেলসহ ভাৰতৰ বিশজন জোৱানে প্ৰাণাহুতি দিয়াৰ বিপৰীতে চীনৰ ৩৫জন সেনা নিহত হৈছিল। ইপিনে ভাৰতে লাডাখৰ গালৱান উপত্যকাত কোনো কাৰণতে চীনৰ আগ্ৰাসন সহ্য নকৰে বুলি হুংকাৰ প্ৰদান কৰিছে। সংবাদ মাধ্যমক সেনাৰ উচ্চস্তৰীয় বিষয়াই জনোৱা অনুসৰি গালৱান উপত্যকাত চীনৰ দপ্দপনি কোনো কাৰণতে সহ্য কৰা নহ’ব। লাডাখ দক্ষিণ চীন সাগৰৰ দৰে কেতিয়াও নহয়। দক্ষিণ চীন সাগৰত চীনে দপ্দপাই আছে আৰু নিজৰ ইচ্ছা অনুসৰি সকলো কাৰ্যকলাপ নিয়ন্ত্ৰণলৈ লৈছে যদিও লাডাখ কোনো কাৰণতে দক্ষিণ চীন সাগৰ নহয়। য’ত চীনক নিজৰ ইচ্ছা অনুসৰিয়ে কাৰ্য সম্পাদন কৰিবলৈ দিয়া হ’ব। সেনাৰ সূত্ৰই এইদৰে সকীয়াই দিয়াৰ পিছতে সীমান্তত যে ভাৰতীয় সেনাই যিকোনো প্ৰকাৰে শত্ৰু সেনাক প্ৰতিহত কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে সেয়া সহজে অনুমেয়। ইপিনে আজি চীনৰ আগ্ৰাসী মনোভাবৰ যোগ্য প্ৰত্যুত্তৰ দি লাডাখ আৰু গালৱান উপত্যকাৰ সীমান্তৰ আকাশত ভাৰতৰ কে’বাখনো যুঁজাৰু বিমানে ক্ষেত্ৰ পৰিদৰ্শন কৰে। ভাৰতীয় সেনাই যে চীনৰ ভাবুকিক কোনো কাৰণতে সহ্য নকৰে সেয়া আজি প্ৰমাণ কৰি বায়ু সেনা বাহিনীৰ শক্তিশালী যুঁজাৰু বিমানেৰে গালৱানৰ আকাশ-বতাহ কঁপাই তোলে। ইপিনে সেনা সূত্ৰই জানিবলৈ দিয়া অনুসৰি গালৱান নৈৰ যি স্থানত সংঘৰ্ষ হৈছিল সেই স্থানৰ সমীপত চীনে অধিক সেনা বাহিনী মোতায়েন কৰাৰ লগতে ১৪ নং পইণ্টৰ সমীপত পেট্ৰলিং বৃদ্ধি কৰিছে। অৱশ্যে সংঘৰ্ষৰ পিছত সেই অঞ্চলটোত চীনৰ শক্তি বহুখিনি হ্ৰাস পাইছে। কিন্তু চীনে শক্তি বৃদ্ধি ঘটাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইপিনে কালি মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকৰ অন্তত আজি চীনে যোৱা সোমবাৰে বন্দী কৰি ৰখা দহজন ভাৰতীয় সেনাক মুকলি কৰি দিয়ে। ইয়াৰ ভিতৰত তিনিজন কমাণ্ডৰ পৰ্যায়ৰ বিষয়া আছে। উল্লেখ্য যে সংঘৰ্ষ সংঘটিত হোৱাৰ পিছত ভাৰতৰ সেনা বন্দী কৰা বুলি চীনৰ বিৰুদ্ধে ভাৰতে অভিযোগ উত্থাপন কৰিছিল যদিও প্ৰতিবাৰে চীনে মিছা মাতি আছিল। চীনে ভাৰতীয় জোৱানক বন্দী কৰা নাই বুলি কৈ আছিল যদিও আজি দহজন জোৱানক মুকলি কৰি দিয়াৰ পিছতে চীনৰ মিথ্যাচাৰ পুনৰ এবাৰ প্ৰমাণিত হয়। লক্ষণীয় যে গালৱান সীমান্ততেই নহয়, উত্তৰ খণ্ডৰ সীমান্ততো ভাৰতীয় সেনাই শক্তি বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *