Friday , September 25 2020
শেহতীয়া খবৰ

গুজৰাটৰ আহমেদাবাদত বৰপেটাৰোডৰ যুৱকৰ মৃত্যু

 মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ তৎপৰতাৰ বাবেই ঘৰলৈ আহিল মৃতদেহঃ চৰকাৰক ধন্যবাদ পৰিয়ালৰ

দৈনিক গণঅধিকাৰ, বৰপেটাৰোডঃ গুজৰাটৰ আহমেদাবাদত মৃত্যু হোৱা বৰপেটাৰোডৰ যুৱক এজনৰ মৃতদেহ অবশেষত আহি পালে নিজ গৃহ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাৰ বাবেই লক ডাউনৰ মাজতো আহমেদাবাদৰ পৰা এম্বুলেঞ্চ যোগে আহি পালে যুৱকজনৰ মৃতদেহ ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক কৃতজ্ঞতা জনাইছে পৰিয়ালটোৱে ৷
বৰপেটাৰোডৰ সমীপৰ বাগছা জিলাৰ জাখলিপাৰৰ নাৰায়ণ বৰ্মনৰ পুত্ৰ ৰাহুল বৰ্মন নামৰ যুৱকজনে টেট শিক্ষকৰ চাকৰি বাদ দি প্ৰায় তিনি মাহ পুৰ্বে আহমেদাবাদত কোম্পানীৰ চাকৰিত যোগদান কৰিছিল ৷ পিছে লকডাউনৰ বাবে আহমেদাবাদতেই আৱদ্ধ হৈ থকা অৱস্থাতে যোৱা ১৯ এপ্ৰিলত আহমেদাবাদৰ ভাড়া ঘৰত ৰহস্যজনক পৰিস্থিতিত যুৱকজনক মৃত অৱস্হাত উদ্ধাৰ কৰা হয় ৷
যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু গুজৰাট বিজেপিৰ সম্পাদক প্ৰদীপ সিং বাঘেলাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত, স্বাস্হ্য, শিক্ষা, তথা গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ টুইটাৰ যোগে যুৱকজনৰ মৃত্যুৰ কথা অবগত কৰে ৷ যুৱকজনৰ এনে শেকাৱহ মৃত্যুৰ বাতৰি লাভ কৰা  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুজৰাট চৰকাৰৰ সৈতে যোগাযোগ কৰি যুৱকজনৰ মৃতদেহটো অসমলৈ অনাৰ ব্যস্থা গিৰহন কৰে ৷
ৰাজ়্য চৰকাৰৰ বিশেষ তৎপৰতাৰ বাবেই আজি বিয়লি যুৱকজনৰ মৃতদেহটো নিজ গৃহ আহি পায় ৷ যোৱা ২০ এপ্ৰিলত এম্বুলেঞ্চ যোগে আহমেদাবাদৰ পৰা অসমলৈ যাত্ৰা কৰি বৃহস্পতিবাৰে বিয়লি মৃতদেহটো লৈ গুজৰাটৰ স্বাস্থ্যকৰ্মীৰ দলটো জাখলিপাৰত উপস্হিত হয় ৷ মধ্যবিত্ত পৰিয়াল এটাৰ মেধাবী যুৱকজনৰ মৃতদেহটো আহি পোৱাৰ লগে লগে পৰিয়ালটোৰ লগতে অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *