Sunday , September 20 2020
শেহতীয়া খবৰ

গুৱাহাটীৰ আঠটা পথত ১৬খন বাছৰে সেৱা, কৰ্মৰ সময়ত কোৰোনাত মৃত্যু ঘটিলে ৫০লাখ টকাৰ বীমা

গুৱাহাটীঃ ৰাজ্য চৰকাৰে চৰকাৰী কাম-কাজ কাৰ্যক্ষম কৰি ৰখাৰ বাবে শিথিলতা জাৰি কৰি কৰ্মচাৰীক উপস্থিত হ’বলৈ আহবান জনাইছিল। ইপিনে ব্যক্তিগত বাহনেৰে কাৰ্যালয়ত উপস্থিত হোৱাৰ ক্ষেত্ৰত জাৰি কৰা বাধাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে অনুমোদিত সকলো বাহনত সামাজিক দূৰত্ব বজাই ৰখাটো সম্ভৱপৰ নোহোৱাৰ বাবেই কৰ্মচাৰীৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

আজি অসম সচিবলয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই এক বিজ্ঞপ্তিযোগে জনাই যে কাৰ্যালয়ত অহা-যোৱা কৰাত কিছু বিষয়া কৰ্মচাৰীৰ অসুবিধা হৈছে। বহু কেইটা পথতে চৰকাৰে বান্ধি দিয়া সংখ্যাতকৈ বেছি কৰ্মচাৰী বাছত আহিব লগীয়া হৈছে। ইয়াৰ উপৰিও পথ কেইটাত কিমান অতিৰিক্ত কৰ্মচাৰী আছে সেয়া সঠিকভাবে নিৰ্ধাৰণ কৰাটো ব্যৱহাৰিক ক্ষেত্ৰত জটিলতা থকা বুলিও আমি উপলব্ধি কৰিছো। ইয়াৰ লগতে অন্যান্য কিছু দিশ সামৰি কোভিড১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জনতা ভৱনৰ বিষয়া কৰ্মচাৰীসকলৰ জীৱনৰ সুৰক্ষাৰ নিমিত্তে চৰকাৰক বিশেষ পৰামৰ্শ প্ৰদান কৰা হৈছে।

সেই অনুসাৰে কাৰ্যালয়লৈ অহা-যোৱা কৰিবৰ বাবে ‘roster duty’ৰ বিপৰীতে কৰ্মচাৰীসকলক ব্যক্তিগত বাহন ব্যবহাৰ কৰাৰ অনুমতি প্ৰদান কৰা। চৰকাৰে অনুমোদন কৰা বাছ সমূহৰ কৰ্মচাৰী যাত্ৰীৰ ক্ষেত্ৰত সম্পুৰ্ন “সামাজিক দুৰত্ব” ৰ নীতি পুৰণ মানি চলা, যথাসময়ত পৰ্যাপ্ত পৰিমানে চেনিটাইজা কৰা, প্ৰয়োজন সাপেক্ষে আৰু বাছৰ সংখ্যাৰ লগতে বাছৰ পথো বৃদ্ধি কৰা। গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাক গুৰুত্ব প্ৰদান কৰি গ্ধ৫ বছৰৰ তলৰ সন্তান থকা অভিভাবক সকলক ঘৰৰ পৰায়ে কৰ্তব্যত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰা।

গৰ্ভৱতী কৰ্মচাৰী, মধুমেহ ৰোগ থকা কৰ্মচাৰী, উচ্চ ৰক্তচাপত আক্ৰান্ত কৰ্মচাৰী, দিব্যাংগ কৰ্মচাৰী আদিৰ শাৰীৰিক দিশৰ প্ৰতি লক্ষ্য তেখেতসকলক ঘৰৰ পৰায়ে কৰ্তব্যত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰা। জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগৰ বাহিৰে বাকী বিভাগবোৰৰ ক্ষেত্ৰত সিঠিলতাৰ নীতি পৰিবৰ্তন কৰি কৰ্মচাৰীসকলক ঘৰৰ পৰায়ে কৰ্মত নিয়োজিত কৰা বাযআৰু সাময়িকভাবে যথাসম্ভব অতি কম কৰ্মচাৰীসকলৰ জড়িয়তে কাৰ্য সম্পাদন কৰা। গুৱাহাটীৰ বাহিৰত ৰাজ্যৰ বিভিন্ন স্‌হানত আৱদ্ধ হৈ থকা জনতা ভৱনৰ কৰ্মচাৰীসকলক গুৱাহাটীত অহাৰ ব্যৱস্থা প্ৰদান কৰা। নিয়োজিত হৈ থকা সময়ত কোভিড১৯ ৰ সংক্ৰমণৰ ফলত মৃত্যু মুখত পৰে তেনে কৰ্মচাৰীসকলকো ৫০ লাখ টকাৰ বীমাৰ আওতাধীন কৰা। পৰামৰ্শ সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গৃহমন্ত্ৰালয়ৰ নীতি নিৰ্দেশনাকো প্ৰাধান্য দিয়াৰো সন্‌হাই পোষকতা কৰে।

সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰী ভাৱে অনুমোদিত বাছসেৱা বাযআৰু অন্য যাতায়তৰ সেৱাৰ সুবিধা নাপালে কৰ্মচাৰী সকল কাৰ্যালয়ত উপস্থিত হোৱাৰ সম্ভাৱনা কম (যদিহে খোজ কাঢ়ি আহিব পৰা দুৰত্বৰ আওতাধীন নহয়) আৰু এইক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিব। কোনো কৰ্মচাৰী যাতায়তৰ অসুবিধাৰ বাবে কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰিলে কৰ্মচাৰীসকলৰ পক্ষতেই সন্থা অটল। যিহেতু, এক অনাকাঙ্ক্ষিত আৰু অকল্পনীয় পৰিস্থিতিৰ মাজেৰে চৰকাৰে কৰ্মচাৰীসকলৰ লগতে জনসাধাৰণৰ জীৱনৰ সুৰক্ষাক প্ৰাধান্য দি আগবাঢ়ি আছে- সেয়েহে চৰকাৰ আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অত্যন্ত সদ্ভাব আৰু বুজাবুজিৰ মাজেৰে আগবাঢ়ি গ’লে সকলো সৰু ডাঙৰ সমস্যা অলপ পলমকৈ হ’লেও সমাধান হ’ব বুলি মত পোষণ কৰিলো।

এনেবোৰ দিশত চৰকাৰে অতিশীঘ্ৰে নীতি নিৰ্ধাৰণ কৰি আমাক অৱগত কৰিব বুলি আশা কৰিছোঁ বুলি অসম সচিবালয় সেৱা সন্‌হাৰ সভাপতি প্ৰদীপ গগৈ আৰু সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই এই প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰে। আপোনালোকৰ মাধ্যমৰ জড়িয়তে গ্ধকাৰ্যালয়ৰ ওচৰত থকা বিষয়া কৰ্মচাৰীসকলক জনতা ভৱনলৈ সমূহ খোজ কাঢ়ি কৰ্মত নিয়োজিত হবলৈও সন্‌হাৰ তৰফৰ পৰা সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *