Home Main Stories গুৱাহাটীৰ ৮, ১৬, ২৮ ৱাৰ্ডত কেণ্টইমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

গুৱাহাটীৰ ৮, ১৬, ২৮ ৱাৰ্ডত কেণ্টইমেণ্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

25
0

পুৱা ৮ বজাৰ পৰা দুপাৰীয়া ১২ বজালৈ খোৱা থাকিব গেলামাল, গাখীৰ, পাচলি, ফলমূলৰ দোকান

মবাইল ভানেৰে বিক্ৰী হ’ব মাছ-মাংস, পাঁচজনতকৈ অধিক লোকৰ হ’ব নোৱাৰিব সমাগম

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মে’:  কোৰোনাৰ দ্বিতীয়টো লহৰৰ প্ৰভাৱ ক্ৰমাৎ অসমত দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীত কোৰোনাৰ পৰিস্থিতি অস্বাভাৱিক হৈ পৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আই চি ইউৰ বিছনা কোৰোনা ৰোগীৰে ভৰি পৰিছে। এনে পৰিস্থিতি বৰ্তি থাকিলে গুৱাহাটীৰ হাস্পতালসমূহত আসনৰ সংখ্যা হ্ৰাস পোৱাৰ আশংকা প্ৰকাশ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে তেওঁ গুৱাহাটী জিলা প্ৰশাসনক অনুমতি প্ৰদান কৰিছিল যে যিসমূহ ৱাৰ্ডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সেইসমূহ ৱাৰ্ড চিনাক্ত কৰি কেণ্টইনমেণ্ট জ’ন ঘোষণা কৰিব লাগে। তেওঁৰ এই অনুমতি প্ৰদানৰ পিছতেই আজি কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক সংবাদ মেল সম্বোধন কৰি গুৱাহাটীৰ তিনিটা ৱাৰ্ডক কেণ্টইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। ১৪ দিনৰ বাবে ৮, ১৬ আৰু ২৮ ৱাৰ্ড তিনিটা কেেণ্টইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। ৮নং ৱাৰ্ডৰ ভিতৰত আছে ছাবিপুল, কেডাৰ ৰোড, ভূতনাথ, ভৰলু, ফটাশিল দলং, এ টি ৰোড। একেদৰে ১৬ নং ৱাৰ্ডৰ ভিতৰত আছে বৰ্ষাপাৰা, ফটাশিল, ধীৰেনপাৰা। আনহাতে ২৮ নং ৱাৰ্ডত আছে বশিষ্ঠ, অজন্তা পথ, চন্দন নগৰ, হাতীগাঁও।

এই কেণ্টইনমেণ্ট জ’নসমূহত পুৱা ৮ বজাৰ পৰা ১২ বজালৈহে গেলামাল দোকান, গাখীৰ, পাচলি, ফল-মূল আদি বিক্ৰী কৰিব পাৰিব। মোবাইল ভানেৰেহে মাছ-মাংস বিক্ৰী কৰিব পাৰিব। কেণ্টইনমেণ্ট জ’নসমূহত সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, পাঁচজনতকৈ অধিক লোক একত্ৰিত হ’ব নোৱাৰিব। জ’নসমূহত অত্যাৱশ্যকীয় সেৱা যেনে- ফাৰ্মাচী আদি খোলা থাকিব। আনহাতে ৰোগীসকল হাস্পতাললৈ যোৱাৰ ক্ষেত্ৰত বাধা নাথাকিব। পেট্ৰ’ল পাম্প, গেছ এজেন্সী আদি খোলা থাকিব। আজি জিলা উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ২৮ এপ্ৰিলৰ পৰা ৪ মে’লৈ মহানগৰীত ৯,০২১গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। তেওঁ কয় যে ৫ৰ পৰা ২৮ নম্বৰ ৱাৰ্ডত অধিক সংক্ৰমণ হৈছে। বেলতলা, বশিষ্ঠ, বৰমটৰীয়া, হাতীগাঁৱৰ কিছু অংশত সৰ্বাধিক লোক আক্ৰান্ত হৈছে। জ’ন-১ৰ পৰা ৭ নম্বৰ ৱাৰ্ডত ৪১৫গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here