
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মে’ : ভাৰতত বৰ্তমান তৃতীয় পৰ্যায়ৰ ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী চলি আছে। ১ মে’ৰ পৰা দেশজুৰি ১৮-৪৫ বছৰৰ ব্যক্তিসকলক সাঙুৰি তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছে। তাৰ সমান্তৰালকৈ ৪৫ ঊধৰ্বৰ ব্যক্তিসকলক ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচীও চলি আছে। অসমতো ৪৫ ঊধৰ্বৰ ব্যক্তিসকলক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী চলি থকাৰ সমান্তৰালকৈ ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ ব্যক্তিসকলক সাঙুৰি ভেকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছে। তাৰে এক অংশ হিচাপে আজি গুৱাহাটী প্ৰেছ ক্লাবত ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ সাংবাদিকসকলক ভেকচিন প্ৰদানৰ কাৰ্যসূচী চলে। ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকসকলৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছতেই অসম চৰকাৰৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবে সাংবাদিকসকলক ভাৰত বায়’টেকৰ ক’ভাক্সিন ভেকচিন প্ৰদান কৰে। প্ৰথম পৰ্যায়ৰ ১০০গৰাকী সাংবাদিকক ভেকচিন প্ৰদান কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবৰ। যিসকলে খবৰৰ সন্ধানত বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰি আছে সেইসকলক প্ৰথমে অগ্ৰাধিকাৰ দিয়া হৈছে। সেইসকলৰ ভিতৰত আছে সাংবাদিক, ফটো সাংবাদিক আৰু ভিডিঅ’ জাৰ্নেলিষ্ট।