Wednesday , September 23 2020
শেহতীয়া খবৰ

গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড , ১০ টাতকৈ অধিক বাসগৃহ জুইত ভস্মীভূত

গণ বার্তা, বিশেষ গোলাঘাট , ২৫ আগষ্ট : গোলাঘাট নগৰৰ ৫ নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত প্ৰায় ১০ টাৰো অধিক ঘৰ জুইত ভস্মীভূত হয় । অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণ কৰে যদিও ঠেক পথৰ বাবে বহু অসুবিধাৰ সন্মুখীন হয়। ভস্মীভূত হোৱা তিনিটা পৰিয়াল স্থায়ী ভাৱে বসবাস কৰাৰ লগতে বাকী কেইটা ভাড়াঘৰ আছিল। কেইবালক্ষ টকাৰ সম্পত্তি জাহ যায় জুইত। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। বসবাস কৰা লোক সকলে ৰাজপথলৈকে বাউণ্ডেৰী ৱাল দিয়াৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোমোৱাত বহু বাধাৰ সন্মুখীন হয়। সম্প্ৰতি জুই নিৰ্বাপন হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *