Monday , September 21 2020
শেহতীয়া খবৰ

গোলাঘাটত ৯৫ বছৰীয়া ককা আইতাই পৰাস্ত কৰিলে কোৰোনা ভাইৰাছক

গণ বাৰ্তা বিশেষ, গোলাঘাট, ১ ছেপ্তেম্বৰ : বিশ্বব্যাপী কোৰো’না মহামাৰীৰ যুঁজখনৰ আজি এক স্বৰ্ণীল খণ্ড। কিয়নো অসমৰ ৯৫ বছৰীয়া আইতা ককায়ে পৰাস্ত কৰিলে কৰিলে এই কোৰোনা ভাইৰাছক। ২১ আগষ্টত গোলাঘাটৰ বেঙেনাখোৱাস্থিত বৃদ্ধ আশ্ৰমৰ ১২ গৰাকী বৃদ্ধাৰ শৰীৰত ধৰা পৰিছিল কভিড পজিটিভ। এক প্ৰকাৰৰ হাহাকাৰ সৃষ্টি হৈছিল গোলাঘাটত, কাৰণ প্ৰতিগৰাকী আইতা সকলৰ বয়স আছিল ৮০ ৰ পৰা ৯০ বছৰ। আজি এক আনন্দময় পৰিৱেশ যিহেতু প্ৰতিগৰাকীয়ে কোৰো’নাক পৰাস্ত কৰি জয়ী হৈ হ’ল এই যুঁজ খনত। চিকিৎসালয়ৰ পৰা ১১ গৰাকী আইতা আৰু এগৰাকী ককাক চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে অতি উল্লাহেৰে বিদায় দিয়ে। ১০ দিন চিকিৎসালয়খনত চিকিৎসা প্ৰদান কৰাৰ পিছত আজি ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে ১২ গৰাকীৰে পৰীক্ষাত নিগেটিভ ফলাফল আহে ৷ দুগৰাকী ৯৫ বছৰীয়া আইতা ককাৰ উপৰিও ১০ গৰাকী ৬০ৰ উর্দ্ধৰ বৃদ্ধা৷ কৰ’নাক জয়ী কৰি মুকলি আকাশৰ তললৈ ওলাই অহা আইতা সকল হৈছে চনচিতা দেৱ ৯৫, লক্ষেশ্বৰ তাঁতী ৯৫ (ককা), অমিয়া বৰা ৯০, হেমদা দাস ৮৫, ললিতা বৰুৱা ৮২, টুটুমণি জোলহা ৮০, প্ৰমিলা বৰা ৭৫, দলি সন্দিকৈ ৭৫, ধানাদা বৰা ৭২, কল্পনা গোস্বামী ৭২, মামনি বৰা ৬৩ আৰু পাফুলি বৰা ৬০। প্ৰতিগৰাকী আইতাকে চিকিৎসালয় কতৃপক্ষই একোখনকৈ গামোচা দি মৰম যাচে৷ ১০দিন চিকিৎসালয়ত আইতাসকলক অধিক সেৱা প্ৰদান কৰিছিলি চিকিৎসালয়খনৰ প্ৰতিগৰাকী চিকিৎসক আৰু স্বাস্থ্য কর্মীয়ে৷ খুমটাই আদর্শ চিকিৎসালয়ৰ অধীক্ষক ডা০ মন‍োজ হাজৰিকা আৰু খুমটাইৰ সন্মানীয় চিকিৎসক ডা০ ৰঞ্জ‍িত কুমাৰ দাসৰ লগতে চিকিৎসালয়খনৰ প্ৰতিজনে অতি মৰম চেনহেৰে‍ সেৱা আগবঢ়াইছি‍ল আইতা সকলক৷ কব পাৰি অসমৰ ভিতৰতে প্ৰথম বাৰৰ বাবে ৯৫ বছৰীয়া আইতা কাকয়ে পৰাস্ত কৰিলে কোৰোনা ভাইৰাছক। আজি চিকিৎসালয় খনৰ প্ৰতি গৰাকী চিকিৎসা কৰ্মী আনন্দিত হৈছে এই মহান বিজয় যাত্ৰাক লৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *