Wednesday , September 23 2020
শেহতীয়া খবৰ

গোলাঘাট জিলাত ক’ৰোণাৰ আক্ৰান্তৰ সংখ্যা ৯ লৈ বৃদ্ধি

গণঅধিকাৰ, গোলাঘাটঃ গোলাঘাটত হাঁহাকাৰ পৰিস্থিতি ।  গোলাঘাট জিলাত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯ লৈ বৃদ্ধি পোৱাৰ সময়তে উদ্ধাৰ হৈছে  এগৰাকী  দিল্লীৰ যুৱতী। গোলাঘাটৰ সাংবাদিকৰ এটা দলে উদ্ধাৰ কৰে দিল্লীৰ যুৱতী গৰাকীক। গোলাঘাট নগৰৰ এৰেঙ্গাপাৰা চাৰি আলিৰ অস্থায়ী বাছ আস্থানৰ এটা  বাসগৃহৰ পৰা আজি গোলাঘাট আৰক্ষী আৰু স্বাস্থ্য বিভাগে উদ্ধাৰ কৰি শ্বহীদ  কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আইছ’লেছন কক্ষলৈ লৈ আহে।

ইতিমধ্যে যুৱতী গৰাকী জ্বৰ, কাহ, ডিঙিৰ বিষত ভুগি আছে। যুৱতী গৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁ ঘৰ দিল্লীৰ চাণ্ডনী চ’কত। প্ৰায় ৮/৯ দিনৰ পূৰ্বে ট্ৰেইনৰে আহি গোলাঘাটত উপস্থিত হৈ এৰেঙ্গাপাৰা বাছ আস্থানৰ জিৰণি চ’ৰাত আশ্ৰয় লৈছিল। ইফালে বাছ আস্থানটোৰ এটা গৃহত থকা দিন হাজিৰা কৰা এজন লোকে যুৱতী গৰাকীক জিৰণি চ’ৰাৰ পৰা নিজে থকা ঘৰটোলৈ লৈ যায়। তাতে বিগত এসপ্তাহ ধৰি একলগে থাকে যুৱতী সহ তিনিজন লোক। তৃতীয় জন লোক গোলাঘাট তেতেলীতলৰ দ’গাৱৰ। দগাঁৱৰ বয়োজেষ্ঠ লোক জন বন্ধৰ বাবে ঘৰলৈ যাব নোৱাৰি বাছ আস্থানতেই থাকে। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গোলাঘাটত।

গোলাঘাট স্বাস্থ্য বিভাগে দিল্লীৰ যুৱতী গৰাকীৰ লগত একেলগে থকা আন লোক দুজনকো উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। যুৱতী গৰাকীক উদ্ধাৰ কৰা স্বাস্থ্য কৰ্মীৰ মতে ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে যুৱতী গৰাকী।

উল্লেখ্য যে হাতত ষ্টাম্প নথকা যুৱতী গৰাকী Lockdown ৰ সময়ত কেনেকৈ উপস্থিত হ’ল গোলাঘাটত। যুৱতী গৰাকীয়ে প্ৰকাশ কৰা মতে কোনো সম্পৰ্কীয় লোকক বিচাৰি দিল্লীৰ পৰা আহিছিল তেওঁ। কিন্তু সম্পৰ্কীয় লোক ক’ত কোন আছে সঠিককৈ ক’ব পৰা নাই। গতিকে কি লক্ষ্য আছিল যুৱতী গৰাকীৰ।আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ৷

Leave a Reply

Your email address will not be published. Required fields are marked *